মঙলদৈত বিজপিৰ নতুন সাংসদ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া

Dilip-Saikia

দিলীপ শইকীয়া। উৎস-ইণ্টাৰনেট

লোকসভা নিৰ্বাচন-২০১৯ ৰ ২৩ মে’ত ঘোষিত ফলাফল অনুসৰি অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি মঙলদৈ লোকসভা সমষ্টিত অপ্ৰতিৰোধ্য বিজয় সাব্যস্ত কৰে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।

শইকীয়াই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বি কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতাক ১,৩৮,৫৪৫ টো ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে মুঠ ভোটাৰৰ ৪৮.৮৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৩৯.৬৩ শতাংশ ভোট।

য়ু পি পি এলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীয়ে মুঠ ভোটৰ ৬.৯ শতাংশ হাৰেৰে মুঠ ১০৩৪০২ টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে।

এইবাৰ লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিৰ পৰা মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

মন কৰিবলগীয়া যে চলিত নিৰ্বাচনত মঙলদৈ সমষ্টিত মুঠ ১৫,০১৬৫৫ গৰাকী ভোটাৰে ভোট দান কৰিছিল। তাৰভিতৰত ৪৪৫২ টা পোষ্টেল ভোট।

আনহাতে, এইবাৰে সমষ্টিটোত মুঠ ১.২৩ শতাংশ হাৰেৰে মুঠ ১৮৪৯৫ গৰাকী ভোটাৰে ‘নোটা’ত (None of Above) ভোট দান কৰে।

উল্লেখযোগ্য যে, ক্ৰমাগতভাৱে চতুৰ্থ কাৰ্য্যকালৰ বাবে বিজেপিৰ দখললৈ যোৱা মঙলদৈ লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ ৰমেন ডেকাৰ পৰিবৰ্তে এইবাৰ বিজেপিয়ে দিলীপ শইকীয়াক দলীয় টিকত প্ৰদান কৰিছিল।

বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীৰ বিজয়ত সমগ্ৰ মঙলদৈ লোকসভা সমষ্টিত আনন্দৰ জোৱাৰ উঠিছে।