ৰিজাল্ট নোলাওঁতেই চাউল চুৰ কৰি জে’লত সোমাল ‘নিকা’ বিজেপিৰ পঞ্চায়ত প্ৰাৰ্থী

assam bjp panchayat candidate in jail

বিজেপিৰ জে’ললৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকী। ছবি- নৰ্থ ইষ্ট নাও।

দুৰ্নীতিমুক্ত, নিকা পঞ্চায়তৰ প্ৰতিশ্ৰুতিৰে শাসনাধীন বিজেপিয়ে নিৰ্বাচনত ভোট বিচাৰি লগোৱা তালফাল শেষ নহওঁতেই দুৰ্ঘটনাত পতিত গাড়ীৰ পৰা চাউল চুৰ কৰি মঙলদৈত জে’লত সোমাইছে দলটোৰ ভূপেন ডেকা নামৰ পঞ্চায়ত প্ৰাৰ্থী এগৰাকী।

মঙলদৈৰ কুয়াপানী গাঁৱৰ নিজ ঘৰত চুৰি চাউলসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰা বিজেপি নেতাজনক শনিবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আউলাচৌখাৰ সমীপৰ বুংলাগড়ত শুকুৰবাৰে ৰাতি দুৰ্ঘটনাত পতিত এখন ত্ৰাকৰ পৰা বহুকেইবস্তা চাউল চুৰি কৰিছিল ডেকাই।

অভিযোগ পোৱাৰ লগে লগেই তৎকালে চলোৱা অভিযানত বিজেপি নেতাজনক ৭ বস্তা চুৰি চাউলৰ সৈতে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মঙলদৈ আৰক্ষীৰ দলটো।

গুৱাহাটীৰ পৰা যোৱা এখন ট্ৰাক (নং AS 01 DD 7159)ৰ সৈতে বিপৰীত দিশৰ পৰা অহা আন এখন (NL 01Q 4803)ৰ মুখামুখি সংঘৰ্ষ হৈ পথৰ দাঁতিত বাগৰি পৰিছিল চাউল ভৰ্তি গাড়ীখন।

ত্ৰাক মালিক শিৱ চন্দ্ৰ ৰয় আৰু চাউলখিনিৰ গৰাকী অজয় ব্ৰহ্মৰ এজাহাৰৰ ভিত্তিত বিজেপি নেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাত গোচৰ (নং ১০৯৬/১৮)ৰ ৰুজু কৰিছে মঙলদৈ আৰক্ষীয়ে।

যোৱা ৫ ডিচেম্বৰত সমাপ্ত হোৱা প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত আউলাচৌকা গাওঁ পঞ্চায়তৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছিল ডেকাই।