গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ মনোনয়ন বৈধ ঘোষণা

Queen Ojha

নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰৰ পৰা ওলাই অহা সময়ত দলীয় সমৰ্থক সহ কুইন ওজা।

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ মনোনয়নক লৈ চলি থকা বিতৰ্কৰ অন্ত পেলাই আজি নিৰ্বাচনী বিষয়াই ওজাৰ মনোনয়ন বৈধ ঘোষণা কৰে। আজি আমিনগাঁৱত থকা উপায়ুক্তৰ কাৰ্য্যালয়ত নিৰ্বাচনী বিষয়াই ওজাৰ নথি পত্ৰ সমূহ পৰীক্ষা কৰি মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে, বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ শিক্ষাগত অৰ্হতাক লৈ বিগত সময়ছোৱাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। প্ৰাৰ্থীগৰাকীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল বুলি মনোনয়ন পত্ৰত উল্লেখ কৰিছিল।

বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই উচ্চতৰ মাধ্যমিকৰ কোনোধৰণৰ পাঠ্যক্ৰম বিশ্ববিদ্যালয়খনে আগনবঢ়াই বুলি কৰা মন্তব্যৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হৈছিল।

আনহাতে, কৰ্তৃপক্ষই ওজাই মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পাছত বিশ্ববিদ্যালয়খনৰ পৰা তেনেধৰণৰ এটা পাঠ্যক্ৰমত নাম ভৰ্তি কৰিছিল। প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাক লৈ উত্থাপিত বিষয়ক লৈ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিছিল।

আজি নিৰ্বাচনী বিষয়াই ওজাৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰাৰ পাছতে স্বস্তিৰ নিঃশ্বাস ত্যাগ কৰে প্ৰাৰ্থীগৰাকীয়ে। আজি কুইন ওজাক সংগ দিয়ে জেষ্ঠ অধিবক্তা বিজন মহাজনে।