সোণোৱাল, হিমন্তক লগত লৈ মনোনয়ন দাখিল কৰিলে যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে

Tapan Gogoi nomination

যোৰহাটত মনোনয়ন দাখিলৰ সময়ত মন্ত্ৰী তপন কুমাৰ গগৈ। ফটো : নৰ্থ-ইষ্ট নাও

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন। সেয়ে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা ৰাজ্য চৰকাৰৰ শক্তি তথা গড়কপ্তানি মন্ত্ৰী তপন কুমাৰ গগৈয়ে আজি সদল বলে গৈ দিনৰ প্ৰায় ১ বজাত যোৰহাটৰ নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত গগৈয়ে সহস্ৰাধিক দলীয় কৰ্ম-কৰ্তা আৰু সমৰ্থকৰ সৈতে সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলীয় কৰ্ম-কৰ্তা সকলৰ লগতে মন্ত্ৰী তপন গগৈক সংগ দিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাই।

মনোনয়ন দাখিলৰ পূৰ্বে গগৈয়ে নিজৰ ওপজা গাঁও বিমলাপুৰ ভেচেলিপথাৰৰ নামঘৰত আৰু ঐতিহাসিক শিৱসাগৰৰ শিৱ দ’লত উপস্থিত হৈ নেদেখাজনৰ ওচৰত আশীৰ্বাদ লয়।

মনোনয়ন দাখিলৰ পূৰ্বে ঐতিহাসিক শিৱসাগৰৰ শিৱ দ’লত আশীৰ্বাদ লোৱা মূহুৰ্তত মন্ত্ৰী গগৈ

ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তপন গগৈয়ে যোৰহাট সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ’ব বুলি মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘বিজেপিৰ এইবাৰ নিৰ্বাচনী ইচ্ছ্যু হ’ব উন্নয়ন। কাৰণ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ লগতে ভাৰতৰ প্ৰতিটো বিভাগ আৰু প্ৰতিটো স্তৰতে উন্নয়ন হৈছে। উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ জনতাই পুনৰ এবাৰ মোদী চৰকাৰ বিচাৰিছে। সেয়ে যোৰহাট সমষ্টিবাসীয়েও বিজেপিক বিপুল ভোটত জয়ী কৰাব’।

আনহাতে সাংবাদিকে নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জনে কয়, ‘CAB ক লৈ এই নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে। যিহেতু ৰাজ্য সভাত CAB নাহিলেই, সেই সময়ত সেইবিলাক কথা আলোচনা হ’ল, সেইসময়ত CAB ৰ বিৰোধিতা কৰা অগপই এতিয়া বিজেপিৰ লগত উমৈহতীয়াকৈ চৰকাৰত আছে’।

উল্লেখযোগ্য যে অহা ১১ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।