হৈ চৈ কৰি লাভ নহ’ব, খিলঞ্জীয়াক সুৰক্ষিত কৰিবই বিজেপিয়ে: প্ৰতিজ্ঞা জয়ন্ত মল্লৰ

Jyanta Mallah Baruah Spoke person,Assam State BJP.addressing a Press Conference at BJP Office in Guwahati on 14-11-18. Pix BY UB Photos

জয়ন্ত মল্ল বৰুৱাৰ ফাইল ছবি।

নাগৰিকত্ব বিধেয়কলৈ নৰেন্দ্ৰ মোদীৰ মুকলি সমৰ্থনে সৃষ্টি কৰা ৰাজ্যজোৰা ব্যাপক ক্ষোভৰ বিপৰীতে বিজেপি অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাত দৃঢ় প্ৰতিজ্ঞ বুলি মন্তব্য কৰিছে দলটোৰ নেতা জয়ন্ত মল্ল বৰুৱাই।

অসমৰ খিলঞ্জীয়া সংগঠনৰ সৰ্বাত্মক বিৰোধৰ সন্মুখীন হোৱা বিজেপি উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে “হৈ চৈ” কৰি লাভ নহ’ব বুলিও শনিবাৰে গুৱাহাটীত সংবাদমেলযোগে মন্তব্য কৰিছে অসম বিজেপিৰ মুখপাত্ৰজনে।

“জাতিৰ সংকটৰ কথা কৈ তথা সমস্যা সমাধানৰ কোনো পথ উদ্ভাৱন নকৰাকৈ অযথা হৈ চৈ কৰি থাকি লাভ নাই। অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক, প্ৰশাসনিক, ৰাজনৈতিক আৰু ভাষিক সুৰক্ষা প্ৰদান কৰাত দৃঢ় প্ৰতিজ্ঞ ভাৰতীয় জনতা পাৰ্টি,” মন্তব্য মল্লৰ।

অসম চুক্তিৰ ৬নং দফা কাৰ্য্যকৰীকৰণ “পৰ্য্যালোচনা”ৰ বাবে শেহতীয়াকৈ মোদী কেবিনেটে সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে অসমত হোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ দিয়াৰো চেষ্টা কৰে বিজেপি নেতাজনে।

পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰসমূহে গঠন কৰা সমিতিসমূহ মোদী কেবিনেট অনুমোদিত “উচ্চস্তৰীয়” সমিতিতকৈ পৃথক বুলি বৰুৱাই মন্তব্য কৰে।

কিন্তু লোকসভা নিৰ্বাচনৰ সন্মুখত গঠিত সমিতিখনত কোন থাকিব সেয়া এতিয়ালৈকে অৱগত নহয় বৰুৱা।

মোদী চৰকাৰৰ কাৰ্য্যকালত চুক্তিখনক লৈ কোনো ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নোহোৱাৰ বিপৰীতে বাজপেয়ী আৰু মনমোহন সিং চৰকাৰৰ দিনত ক্ৰমে ৮ আৰু ৬ খন বৈঠক অনুষ্ঠিত হৈছিল।