• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি : হাজেলাৰ ভূমিকাত সন্তুষ্ট নহয় শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2018 9:35 am
Assam NRC: State Govt appoints 221 Foreigners’ Tribunal members

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ ভূমিকাত অসন্তুষ্ট হৈ পৰিছে শাসকীয় দল বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছো। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোত সৰ্বান্তকৰণে লাগি থকা হাজেলাৰ প্ৰতি শাসক-বিৰোধীৰ এই ৰোষৰ কাৰণ ইতিমধ্যে স্পষ্ট হৈ পৰিছে।

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হাজেলাই শেহতীয়াকৈ এন আৰ চিৰ চূড়ান্ত খচৰাৰপৰা বাদ পৰা ৪০ লাখ লোকৰ ওজৰ-আপত্তি দাখিলৰ ক্ষেত্ৰত পূৰ্বৰ ১৫ বিধ নথিৰ বিপৰীতে ১০ বিধ নথিহে গ্ৰহণযোগ্য হ’ব লাগে বুলি উচ্চতম ন্যায়ালয়ক পৰামৰ্শ দিছিল। হাজেলাই ১৯৫১ চনৰ নাগৰিকপঞ্জী আৰু ১৯৭১ চনৰ পূৰ্বৰ ভোটাৰ তালিকাত থকা নাম নাগৰিকত্ব প্ৰমাণৰ নথি হ’ব নালাগে বুলি কৈছিল আৰু আদালতে তাক মানি লৈছিল।

হাজেলাৰ উক্ত স্থিতিক শাসক-বিৰোধী উভয় পক্ষই সমালোচনা কৰিছে। কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আদালতক বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে হাজেলাক উক্ত পদৰপৰা অপসাৰণ কৰাৰো দাবী জনাইছে।

আনহাতে, শাসকীয় দল বিজেপিয়ে শুকুৰবাৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ত প্ৰদান কৰা মতামত উদ্দেশ্যপ্ৰণোদিত বুলি মন্তব্য কৰিছে। হাজেলাৰ মতামতে পৰিস্থিতি জটিল কৰি তোলা বুলি সদৰী কৰিছে বিজেপিয়ে।

হাজেলাৰ এই ভূমিকা তথা বাদ পৰা এই লোকসকলৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত কৰা আৰু ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কত আলোচনা কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে আন নেতৃত্বই ৮ আৰু ৯ ছেপ্টেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব।

ইপিনে,বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াই জানিবলৈ দিয়ে যে অহা ১০ ছেপ্টেম্বৰত বিজেপিয়ে এক সংবাদমেলযোগে  এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু এন আৰ চিৰ পৰা নাম বাদ পৰাসকলৰ সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিব।

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ সম্পৰ্কত বিভিন্ন দল-সংগঠনে আপত্তি কৰি অহাৰ পিছত ৰাজ্যখনৰ দুই প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰাত হাজেলাৰ বাবে বিষয়টো অস্বস্তিৰ কাৰণ হৈ পৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd