ৰাহুল গান্ধীৰ লণ্ডন ভাষণক লৈ উত্তাল সংসদ: ক্ষমা খোজাৰ দাবী তুলিলে বিজেপিয়ে

প্ৰধানমন্ত্ৰী মোদীৰ চীন, কোৰিয়াৰ বক্তব্য সোঁৱৰাই প্ৰত্যুত্তৰ কংগ্ৰেছ সভাপতি খৰ্গেৰ

BJP demands Rahul's apology

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইংলেণ্ড ভ্ৰমণৰ সময়ত ভাৰতৰ সাম্প্ৰতিক গণতান্ত্ৰিক ব্যৱস্থা সন্দৰ্ভত কৰা মন্তব্যই উত্তাল কৰি তুলিছে সংসদ। শাসক-বিৰোধীৰ বিবাদৰ ফলত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় ১৪ মাৰ্চলৈ স্থগিত ৰখা হয়।

ৰাহুল গান্ধীৰ ভাষণৰ বিৰোধিতা কৰি বিজেপিৰ সাংসদসকলে গান্ধীক ক্ষমা খুজিবলৈ দাবী জনায়। আনহাতে বিজেপিৰ এই দাবীৰ পিছতে গণতন্ত্ৰক চেপি ধৰাসকলে গণতন্ত্ৰ ৰক্ষা কৰাৰ কথা কৈছে বুলি কটাক্ষ কৰে কংগ্ৰেছে।

লণ্ডনত নিজ ভাষণত ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰ বৰ্তমান আক্ৰমণৰ সন্মুখীন হৈছে বুলি কৰা মন্তব্যৰ জৰিয়তে তেওঁ ভাৰতক বদনাম কৰাৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাহুল গান্ধীক এই মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়।

“এই সদনৰ সদস্য ৰাহুল গান্ধীয়ে লণ্ডনত ভাৰতক অপমান কৰিছিল। তেওঁৰ বক্তব্যক এই সদনৰ সকলো সদস্যই গৰিহণা দিবলৈ আহ্বান জনাইছো আৰু তেওঁক সদনৰ সন্মুখত ক্ষমা খুজিবলৈ দাবী জনোৱা উচিত।”- ৰাজনাথ সিঙে কয়।

ক্ৰমাৎ উত্তপ্ত হৈ পৰা পৰিস্থিতিৰ মাজতে বিৰোধী দলৰ সাংসদসকল সদনৰ সমুখত থিয় হৈ শাসকপক্ষৰ বিৰোধিতা কৰাৰ পিছত অধ্যক্ষই লোকসভা দুপৰীয়া ২ বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়। কিন্তু এই পৰিস্থিতি অব্যাহত থকাৰ ফলস্বৰূপে লোকসভা ১৪ মাৰ্চলৈ স্থগিত ৰখা হয়।

ইফালে ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে কংগ্ৰেছ নেতাগৰাকীক সদনত উপস্থিত হৈ লণ্ডনত দিয়া বক্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়।

গোৱেলৰ এই দাবীৰ প্ৰত্যুত্তৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ৰাজ্যসভাৰ সদস্য নোহোৱা নেতাক সদনলৈ মাতি অনাৰ দাবী গৰিহণাযোগ্য বুলি মন্তব্য কৰে।

খৰ্গেৰ মন্তব্যৰ সময়তে বিজেপিৰ সাংসদসকলে ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ দাবী জনাই সদনৰ কাৰ্যসূচীত ব্যাঘাত জনোৱাৰ পিছত ৰাজ্যসভাও ১৪ মাৰ্চলৈ স্থগিত ৰখা হয়।

আনহাতে সংসদ স্থগিত ৰখাৰ পিছতে বিৰোধী দলৰ আন সাংসদসকলৰ সৈতে সংবাদ মাধ্যমক সম্বোধন কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই মোদীৰ শাসনত সংবিধানৰ কোনো স্থান নাই বুলি মন্তব্য কৰাৰ লগতে মোদীয়ে একনায়কত্ববাদীৰ দৰে শাসন চলোৱা বুলি অভিযোগ কৰে।

খৰ্গেই লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশত ভাৰতক কেইবাবাৰো উপহাস কৰিছে। এই প্ৰসঙ্গত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীন, দক্ষিণ কোৰিয়া, কানাডা আৰু ইউ এ ইত দিয়া ভাষণৰ উদাহৰণ দাঙি ধৰে।

তেওঁ কয়, “চীনত দিয়া আপোনাৰ বক্তব্যৰ কথা মই আপোনাক সোঁৱৰাই দিব বিচাৰিছো। আপুনি পূৰ্বে কৈছিল যে আপুনি ভাৰতীয় জন্ম লৈ লাজ অনুভৱ কৰিছিল। এতিয়া দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ অনুভৱ কৰিছে। এয়া ভাৰত আৰু ভাৰতীয়ক অপমান কৰা নাছিল নেকি? আপোনাৰ মন্ত্ৰীসকলক তেওঁলোকৰ স্মৃতি সতেজ কৰাৰ পৰামৰ্শ দিয়ক।”

প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ কোৰিয়াত দিয়া ভাষণৰ কথা সোঁৱৰাই কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয়, “দক্ষিণ কোৰিয়াত আপুনি কৈছিল– এটা সময় আছিল যেতিয়া মানুহে অনুভৱ কৰিছিল যে তেওঁলোকে অতীতত কি পাপ কৰিছিল যাৰ ফলত ভাৰতত জন্ম হৈছিল! ”

প্ৰধানমন্ত্ৰীয়ে যদি ভাৰতৰ বিৰুদ্ধে সকলো ধৰণৰ কথা ক’ব পাৰে, তেতিয়াহ’লে ৰাহুল গান্ধীয়ে তেনে কাম কৰিলে সেয়া কিয় অপৰাধ হ’ব বুলিও প্ৰশ্ন তোলে কংগ্ৰেছ সভাপতি খৰ্গেই।