সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিয়ে ভোট নোপোৱাৰ বাবেই ভংগ কৰিলে সংখ্যালঘু মৰ্চা!

বুথ কমিটিৰ সদস্যই নিদিলে বিজেপিৰ প্ৰাৰ্থীক ভোট!

mino

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মতে সংখ্যালঘু অধ্যুষিত অঞ্চলত  বিজেপিয়ে অতিকৈ নিম্নস্তৰৰ প্ৰদৰ্শন কৰিলে। অৰ্থ্যাৎ সংখ্যালঘু অধ্যুষিত এলেকাত ধৰ্মীয় সংখ্যালঘুৰ ভোট প্ৰায় লাভ নকৰিলেই বিজেপিয়ে।

বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডাঃ ৰাজদ্বীপ ৰায়ৰ স্বাক্ষৰ সম্বলিত এক জাননীযোগে ৰঞ্জিত দাসে কয় ‘সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত থকা দলৰ ২০ জনীয়া বুথ সমিতিতকৈ কম ভোট লাভ কৰা প্ৰত্যক্ষ হৈছে।‘

অৰ্থ্যাৎ বুথ কমিটিৰ সদস্যই ভোট নিদিলে বিজেপিক। সেয়েহে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে তাৎক্ষণিকভাৱে বিজেপি অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিসমূহ ভংগ কৰাৰ নিৰ্দেশ দিছে।

পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কোনোধৰণৰ সংখ্যালঘু মৰ্চা গঠন কৰিব নোৱাৰিব বা তেওঁলোকে দলৰ হৈ কাম কৰিব নোৱাৰিব।

ৰঞ্জিত দাসৰ এই নিৰ্দেশনাত অন্য এক কথাও স্পষ্ট হৈ পৰিছে যে বিজেপিৰ প্ৰতি সঁচাকৈ সংখ্যালঘু লোকৰ অনীহা হৈছে বা তেওঁলোকে বিজেপিক আকোঁৱালি ল’ব বিচৰা নাই।