নিৰ্বাচনী বণ্ডৰ মুঠ ধনৰ ৭৫ শতাংশই বিজেপিৰ পকেটত; গেৰুৱা দলৰ বছৰি আয় ২,৫৫৫ কোটি

file photo

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিভিন্ন ৰাজনৈতিক দলসমূহে মুঠ ৩,৪৩৫কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ অধিকাংশই গৈছে বিজেপিৰ পকেটত।

তথ্য অনুসৰি, কংগ্ৰেছ, চিপিআইএম, তৃণমূল কংগ্ৰেছ, এনচিপি, বিএছপি আৰু আম আদমী পাৰ্টিৰ সন্মিলিত আয়ৰ তিনিগুণ অধিক আয় অকল বিজেপিৰ।

নিৰ্বাচনী বণ্ডৰ জৰিয়তে সংগ্ৰহ কৰা ধনৰ ৭৫ শতাংশ লাভ কৰিছে বিজেপিয়ে। নিৰ্বাচনী বণ্ডৰ জৰিয়তে  বিজেপিয়ে আয় কৰিছে ২,৫৫৫কোটি টকা।

ইয়াৰ পূৰ্বৰ বছৰত বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে সংগ্ৰহ কৰিছিল ১৪৫০ কোটি টকা। একেজাপে দলটোৰ ধনৰ পৰিমান ইমান বৃদ্ধি পাইছে।

প্ৰুডেন্ট ইলেক্ট্ৰৰেল ট্ৰাষ্টে বিজেপিক দিছে ২১৭.৫কোটি টকা। এই ট্ৰাষ্ট্ৰত আছে, ডিএলএফ, ভাৰতী এয়াৰটেল, জিএমআৰ এয়াৰপ’ৰ্ট আৰু জুবিলেন্ট ফুডৱৰ্কছ।

আনহাতে, কংগ্ৰেছৰ অৱস্থা যথেষ্ট দুখলগা। ২০১৮-১৯ বিত্তীয় বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে কংগ্ৰেছৰ আয় হৈছিল ৩৮৩কোটি টকা।  ২০১৯-২০ বিত্তীয় বৰ্ষত তাৰ পৰিমান আৰু হ্ৰাস পাইছে। মুঠ নিৰ্বাচনী বণ্ডৰ কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ৯ শতাংশ।

যোৱা বছৰ কংগ্ৰেছৰ আয় হৈছে ৩১৮ কোটি টকা। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ তুলনাত ২০১৯-২০ বিত্তীয় বৰ্ষত কংগ্ৰেছৰ আয় হ্ৰাস পাইছে ১৭শতাংশ।

ইপিনে, তৃণমূল কংগ্ৰেছৰ আয় হৈছে ১০০.৪৬কোটি টকা। ডিএমকেৰ ৪৫কোটি টকা। সেইদৰে, শিৱসেনাৰ ৪১কোটি, এনচিপিৰ ২৯.২৫কোটি টকা, আম আদমী পাৰ্টিৰ ১৮ কোটি টকা নিৰ্বাচনী বণ্ডৰ জৰিয়তে সংগ্ৰহ হৈছে।

নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় দলসমূহে তেওঁলোকৰ মুঠ আয়ৰ ৫২ শতাংশ অধিক লাভ কৰিছে  নিৰ্বাচনী বণ্ডৰ জৰিয়তে। আনহাতে, আঞ্চলিক দলসমূহৰ ক্ষেত্ৰত ইয়াৰ পৰিমান ৫৩.৮৩শতাংশ।