বিজেপিৰ অন্তিমখন প্ৰাৰ্থী তালিকা চূড়ান্ত; চাৰিটা সমষ্টিক লৈ এতিয়াও অব্যাহত আছে চৰ্চা!

BJP-1-750x375

বিজেপিয়ে অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসমৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বাকী থকা ১৯খন বিধানসভা আসনত দলৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে।

দেওবাৰে চূড়ান্ত তালিকাখন ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিঙ উপস্থিত থকা দলৰ নিৰ্বাচনী সমিতিৰ বৈঠকত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সম্পাদক ফনী শৰ্মা আৰু অসমৰ দায়িত্বত থকা বিজেপিৰ সাধাৰণ সম্পাদক বৈজয়ন্ত পাণ্ডাও বৈঠকত উপস্থিত আছিল।

অসমৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা বৈঠক সমাপ্ত হোৱাৰ পাছতে সোণোৱালৰ নেতৃত্বত গোটেই প্ৰতিনিধি দলটো এখন চাৰ্টাৰ্ড বিমানেৰে ৰাজ্যখনলৈ উভতি আহে।

ৰাজ্যিক নেতৃত্বই কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি ১৯ আসনৰ ভিতৰত ১৫খন আসনৰ প্ৰাৰ্থী চূড়ান্ত কৰে যদিও বাকী চাৰিখন আসনৰ ক্ষেত্ৰত দলৰ নিৰ্বাচনী সমিতিক সিদ্ধান্ত লোৱাৰ বাবে এৰি দিয়া বুলি জানিব পৰা গৈছে।

এতিয়াও প্ৰাৰ্থী চূড়ান্ত হ’বলগীয়া চাৰিটা সমষ্টি হৈছে পূব গুৱাহাটী, হাজো, দিছপুৰ আৰু পলাশবাৰী।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে পূব গুৱাহাটী আৰু হাজো সমষ্টিক লৈ এক সহমত গঢ়ি উঠিছে আৰু সেই অনুসৰি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সুমন হৰিপ্ৰিয়াক ক্ৰমে সমষ্টি দুটাত প্ৰাৰ্থিত্ব দিয়া হ’ব পাৰে।