বিদ্যালয় প্ৰাদেশিকীকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ ৰাজ্যৰ বিজেপি চৰকাৰ

teachers press meet.docx photo

বৰ্তমান শাসনত থকা বিজেপি দলে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত চুড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম অপ্ৰাদেশীকৃত হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষক সন্থাই।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সন্থাৰ সাধাৰণ সম্পাদক ৰঞ্জিত মজুমদাৰে এই অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, “বৰ্তমান শাসনত থকা চৰকাৰখনৰ মন্ত্ৰী, বিধায়কসকলে নিৰ্বাচনৰ পূৰ্বে মুঠ ৭৯ খন নিৰ্বাচনী সভাত আমাৰ দুৰ্ভগীয়া শিক্ষক সকলক আশ্বাস দিছিল যে তেওঁলোকে চৰকাৰ গঠন কৰিলে ৪৫ দিনৰ ভিতৰত বিদ্যালয়সমুহ প্ৰাদেশিকীকৰণ কৰিব। কিন্তু আজি দুটা বছৰ পাৰ হৈ যোৱাৰ পাছতো সেয়া হৈ নুঠিল।‘’

তেওঁ লগতে কয় যে  ২০০৪-২০০৬ চনলৈ স্বীকৃতি প্ৰাপ্ত ২২৭ খন হাইস্কুল আৰু হাইমাদ্ৰাছাৰ প্ৰায় ৩০০০ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ বাবে যোগ্যতা থকা বুলি চৰকাৰে ঘোষণা কৰাৰ পাছতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বিষয়টো অৱহেলা কৰিলে।

একেদৰে বৰ্তমানৰ বিজেপি চৰকাৰখনে শিক্ষক সকলৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই বুলি মন্তব্য কৰি কয় যে এইটোৱে অৱহেলিত শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলকো বিপাঙত পেলাইছে।

সংবাদমেলত সাধাৰণ সম্পাদকগৰাকীয়ে শিক্ষকসকলৰ সমস্যাটো সমাধান কৰি শিক্ষকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালকো মানৱীয় মূল্যবোধেৰে জীয়াই থকাৰ পথ মুকলি কৰি দিবলৈ চৰকাৰক অনুৰোধ জনায়।