• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰে দুখীয়া হেণ্ডিমেনৰ পেটতো গোৰ শোধাবলৈ নেৰিলে!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 22, 2019 8:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন চৰকাৰৰ এটা সিদ্ধান্তৰ পাছত গুৱাহাটীত কেইবাশ শ্ৰমিক এতিয়া কৰ্মহীন হৈ পৰাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে লোৱা এই সিদ্ধান্তই এতিয়া পৰিবহণ সংস্থাসমূহৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

২১ ফেব্ৰুৱাৰিত কামৰূপ মহনগৰ পৰিবহণ বিভাগে কেইবাটাও নিৰ্দেশনা সম্বলিত এক জাননী জাৰি কৰিছে। এই জাননীযোগেই মহনগৰীত চলি থকা চিটী বাছসমূহৰ পৰা হেণ্ডিমেন নাইকীয়া কৰিবলৈ বাছৰ মালিকক বিভাগটোৱে আহ্বান জনাইছে। এই আহ্বানে চিন্তিত কৰি তুলিছে চিটি বাছত হেণ্ডিমেন হিচাপে কাম কৰি জীৱিকা নিৰ্বাহ কৰি থকা কেইবাশ লোকক।

তথ্যমতে, গুৱাহাটী মহানগৰীত দৈনিক প্ৰায় ৭০০খন চিটী বাছ চলাচল কৰে। এই চিটী বাছসমূহত কৰ্মৰত হেণ্ডিমেনসকলে নিজৰ একোটা পৰিয়াল পোহপাল দি আছে। কিন্তু পৰিবহণ বিভাগৰ এই আহ্বানমতে মালিকপক্ষই পদক্ষেপ ল’লে একেদিনাই কৰ্মহীন হৈ পৰিব এইসকল লোক, যাৰ ফলত বিপদত পৰিব তেওঁলোকৰ পৰিয়াল।

এই সন্দৰ্ভত আজি নৰ্থ-ইষ্ট নাওৰ আগত মিন্টু দাস নামৰ হেণ্ডিমেন এজনে কয়, “এই সিদ্ধান্তই আমাক নিবনুৱা কৰিব। হয়তো অহা সপ্তাহৰ পৰাই আমি আঁতৰিব লাগিব। এতিয়া আমি কেনেকৈ পৰিয়াল চলাম সেই কথা চৰকাৰে এবাৰ ভাবি চাব লাগিছিল”।

আনহাতে, জিলা পৰিবহণ বিভাগে এই সিদ্ধান্ত মহানগৰীৰ পৰিবহণ সংস্থাসমূহৰ লগত কোনো আলোচনা নকৰাকৈয়ে গ্ৰহণ কৰা বুলি চিটী বাছৰ তিনিটা সংস্থাই আমাক জানিবলৈ দিয়ে।

এই বিষয়ে গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ সভাপতি প্ৰৱণ ডেকাই নৰ্থ-ইষ্ট নাওক কয়, “চিটী বাছত হেণ্ডিমেন হিচাপে কাম কৰি বহুতেই পৰিয়াল পোহপাল দিছে। তেওঁলোকে এতিয়া কি কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন। জিলা পৰিবহণ বিভাগে সিদ্ধান্ত লোৱাৰ আগত আমাৰ লগত কোনো আলোচনা কৰা নাই।”

একদৰে পৰিবহণ বিভাগৰ এই সিদ্ধান্তত অসন্তুষ্ট গ্ৰে’টাৰ গুৱাহাটী ডিলাক্স এক্সপ্ৰেছ নামৰ সংস্থাটোও। সংস্থাটোৰ সভাপতি ছাইফুল ইছলামে কয়, “অসমীয়া ল’ৰাই কিবা এটা কৰি চলি আছে। কিন্তু এনে সিদ্ধান্তই এতিয়া তেওঁলোকৰ লগতে পৰিয়াললৈ হাহাকাৰ নমাই আনিব”।

ইছলামেও তেওঁলোকৰ সংস্থাটোক এই সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো আলোচনালৈ মতা নাছিল বুলিও জানিবলৈ দিয়ে। ওপৰোক্ত দুয়োটা সংস্থাৰ সভাপতিয়ে চিটী বাছৰ পৰা হেণ্ডিমেন নাইকীয়া হ’লে দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা ব্যক্ত কৰে।

উল্লেখযোগ্য যে চিটী বাছসমূহৰ গুৱাহাটীত তিনিটা সংস্থা আছে। আনটো সংস্থাৰ নাম ‘গুৱাহাটী পৰিবহণ সংস্থা’। তিনিওটা সংস্থাই এই সন্দৰ্ভত আলোচনা কৰি জিলা পৰিবহণ বিষয়াক বিষয়টো পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনাবলৈ যাব বুলি নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে কথা পতা দুয়োটা সংস্থাৰ সভাপতিয়ে জানিবলৈ দিয়ে।

ইপিনে, এই সিদ্ধান্ত সন্দৰ্ভত কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিষয়া বাপন কলিতাই কয় যে বিভাগে এই সিদ্ধান্তসমূহ যানবাহন আৰক্ষী আৰু আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি লৈছে।

“চিটী বাছৰ পৰা হেণ্ডিমেন নাইকীয়া কৰিবলৈ অনুৰোধ জনোৱাহে হৈছে।  মূলতঃ তিনিটা কাৰণত এই অনুৰোধ জনোৱা হৈছে। ইয়াৰ ভিতৰত চিটী বাছত হেণ্ডিমেন আৰু কণ্ডাক্টৰ ল’গ হৈ যাত্ৰীৰ সৈতে কাজিয়া কৰাৰ বহু অভিযোগ আমি পাওঁ। কেতিয়াবা যাত্ৰীক মাৰপিটো কৰে। দ্বিতীয়তে, বহু চিটী বাছত ১৮ বছতকৈ কম বয়সৰ ল’ৰা একোজনক হেণ্ডিমেন হিচাপে লৈ ফুৰে। আনকি বাছৰ মালিকে হেণ্ডিমেন কোন চিনিয়ে নাপায়। তৃতীয়তে, মালিকৰ অজ্ঞাতে বহু চিটী বাছত হেণ্ডিমেনজনেই চালক হৈ বাছখন চলাই থাকে। এনে অভিযোগ আমি মালিক পক্ষৰ পৰাই পাইছো”।

জিলা পৰিবহণ বিষয়াগৰাকীয়ে এনেকুৱা তৰল যুক্তিৰে সিদ্ধান্তসমূহ জনস্বাৰ্থত লোৱা হৈছে বুলিও নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।

কিন্তু যাত্ৰীৰ সৈতে বাছৰ কৰ্মচাৰীৰ কাজিয়া, শিশু শ্ৰমিক বা হেণ্ডিমেনে অকৰ্তৃত্বশীলভাৱে চিটী বাছ চলোৱা আদি সমস্যাসমূহ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা পৰিবহণ বিভাগ, যানবাহন আৰক্ষী বা সংশ্লিষ্ট বিভাগসমূহক দায়িত্ব পালনত বাধ্য নকৰি হেণ্ডিমেনক কামৰ পৰা খেদাক এই সমস্যাবোৰৰ সমাধান সূত্ৰ হিচাপে লোৱাটো কিমান দূৰ সমীচীন?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

September 13, 2025 4:55 pm
সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

September 13, 2025 4:10 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

September 13, 2025 4:01 pm
দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 13, 2025 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

September 13, 2025 4:55 pm
সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

September 13, 2025 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd