• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

”উন্নয়নৰ নামত ফটাঢোল বজাইছে বিজেপিয়ে”, ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাত ক্ষুব্ধ সমুজ্জ্বল ভট্টাচাৰ্য

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
March 17, 2019 9:49 pm
Sammujjal Bhattacharya

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ সৰ্বাংগীন উন্নয়নৰ শ্লোগানেৰে শাসনভাৰ দখল কৰা বিজেপিয়ে কংগ্ৰেছৰ বাটেৰে বাট বুলিছে। উন্নয়নৰ নামত ফটাঢোল বজাই বিজ্ঞাপন আৰু আঁচনিৰ পোহাৰ মেলা বিজেপি চৰকাৰে অসমৰ কিমান উন্নয়ন সাধিছে তাৰ প্ৰমাণ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ দুৰৱস্থাই স্পষ্ট কৰি তুলিছে’। এইদৰে বিজেপিক তীব্ৰ সমালোচনা কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।

আজি গোলাঘাটৰ চুবুৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানত ছাত্ৰ সন্থাই আয়োজন কৰা নাচিৰ হুছেইন সোঁৱৰণি ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ গৈ আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্যই ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাত স্তম্ভিত হৈ এনেদৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

উল্লেখযোগ্য যে অসমৰ নগাঁও জিলাৰ পৰা নাগালেণ্ডৰ ডিমাপুৰলৈকে থকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা মণিপুৰৰ ম’ৰে পৰ্যন্ত বিস্তৃত হৈ থকা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিগত বৰ্ষৰ এপ্ৰিলৰ পৰা দেশৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰা হ’ল যদিও পথৰ জৰাজীৰ্ণ অৱস্থাই পথচাৰীক এতিয়া জ্বলাকলা খুৱাইছে।

পথ দুটাৰ মাজত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতৰ বাবে বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই পথ দুটা মেৰামতিৰ বাবে কাৰ্যতঃ একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাৰ বাবেই আছুৰ উপদেষ্টাগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত উন্নয়নমুখী অসমত জনসাধাৰণে ঘাইপথৰ মাজত থকা গাঁতেৰে যাতায়ত কৰাৰ পৰিৱৰ্তে গাঁতৰ মাজত থকা ঘাইপথেৰে যাতায়াত কৰিব লগীয়া হৈছে বুলি কটাক্ষ কৰিছে আৰু শীঘ্ৰে পথ দুটাৰ মেৰামতিৰ দাবী জনাইছে।

মন কৰিব লগীয়া যে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো এছিয়ান হাইৱে ১ হিচাবে স্বীকৃতি হ’ল যদিও এছিয়াৰ বিভিন্ন দেশৰে সংযুক্ত পথ হিচাবে এতিয়াও ইয়াৰ আন্তঃগাঁথনি তৈয়াৰ হোৱা নাই। গতিকে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিদিনে ন ন আঁচনি মুকলি কৰা চৰকাখনে ঘাইপথ দুটাৰ মেৰামতিৰ ক্ষেত্ৰত সু-দৃষ্টি দিয়ে নে নিদিয়ে সেইয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd