• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰীৰ কাম-কাজৰ শৈলীক লৈ ৰাজ্যৰ নেতাসকলৰ প্ৰশ্নৰ মাজতে হিমন্তক পাঠ দিলে কেন্দ্ৰীয় নেতৃত্বই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2023 8:30 am
মুখ্যমন্ত্ৰীৰ কাম-কাজৰ শৈলীক লৈ ৰাজ্যৰ নেতাসকলৰ প্ৰশ্নৰ মাজতে হিমন্তক পাঠ দিলে কেন্দ্ৰীয় নেতৃত্বই!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজ্যখনৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলৰ কণ্ঠস্বৰ  শক্তিশালী হৈ পৰাৰ সময়তে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘ঘৰটো’ শৃংখলাবদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ThePrint ৰ এক আছুতীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

সূত্ৰই ThePrintক জনোৱা মতে অসমে লোকসভালৈ ১৪ জন সাংসদ পঠিয়াইছে, আৰু সাধাৰণ নিৰ্বাচনলৈ এবছৰ নথকাৰ সময়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ সহযোগী মুখ্যমন্ত্ৰী শৰ্মা দলীয় কেডাৰৰ ক্ষোভৰ সন্মুখীন হোৱাটো দলটোৰ বাবে অতিশয় চিন্তাৰ বিষয় হৈ পৰিছে।

বিজেপিৰ জ্যেষ্ঠ নেতাসকলে কৈছে যে তেওঁলোকৰ বিচ্ছিন্নতাৰ অনুভৱ শৰ্মাৰ কাম-কাজৰ শৈলী আৰু সামূহিক নেতৃত্বৰ অনুপস্থিতিৰ পৰাই উদ্ভৱ হৈছে।

দলটোৰ কেন্দ্ৰীয় নেতৃত্বই অসম বিজেপিৰ পৰা কেইবাটাও অভিযোগ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী শৰ্মা আৰু দলৰ অন্যান্য জ্যেষ্ঠ সদস্যসকলক ব্যক্তিগতভাৱে বিক্ষুব্ধ নেতাসকলৰ কথা শুনিবলৈ নিৰ্দেশ দিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

এই সন্দৰ্ভতে ২৯ আগষ্টত গুৱাহাটীত বিজেপি অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই একাংশ অসন্তুষ্ট নেতাৰ সৈতে একাধিক বৈঠকত মিলিত হয়। ইয়াৰ এদিন পূৰ্বে ক’ৰ গ্ৰপে দলটোক জুৰুলা কৰা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ বৈঠকত মিলিত হৈছিল আৰু অসন্তুষ্ট নেতাসকলক সৈমান কৰিবলৈ এই সপ্তাহত ‘সম্পৰ্ক অভিযান’ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল বুলিও দলৰ সূত্ৰই জনায়।

‘দ্য প্ৰিণ্ট’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসম বিজেপিৰ ক’ৰ গ্ৰুপৰ এজন সদস্যই কয়, ‘জ্যেষ্ঠ নেতাসকলে অনুভৱ কৰে যে নৱাগতসকল দলৰ মূল মতাদৰ্শৰ প্ৰতি ছিৰিয়াছ নহয়। তেওঁলোকে মাত্ৰাতিৰিক্ত অনুভৱ কৰে। কেন্দ্রীয় নেতৃত্বই মুখ্যমন্ত্রীকে ধৰি অন্যান্যসকলক এই সন্দর্ভত গুৰুত্ব দিবলৈ কৈছে৷ সকলোৱে টিকটৰ পিছত ন দৌৰে কিন্তু তেওঁলোকক সন্মান কৰাটো প্ৰয়োজন। ইয়াত কেৱল এজন ব্যক্তিয়েই নহয়, যিয়ে দলটোক ৰাজ্যত সফল কৰি তুলিছে।”

ৰাজ্যিক বিজেপিৰ ভিতৰত যে সকলো ঠিক নহয় সেই কথা যোৱা মাহত স্পষ্ট হৈ পৰিছিল যেতিয়া নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৰাজ্যৰ সাংবাদিকৰ আগত কৈছিল যে দলটোক “এজন নতুন ব্যক্তিয়ে ক্ষতিগ্ৰস্ত” কৰিছে আৰু অভিযোগ উত্থাপন কৰিছিল যে ২০১৫ চনত যোগদান কৰা একাংশই পুৰণি দলীয় কৰ্মীক খেদি পঠিওৱাৰ ষড়যন্ত্ৰ কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ ত্যাগ কৰি ২০১৫ চনত ৯ গৰাকী দলীয় বিধায়কৰ সৈতে বিজেপিত যোগদান কৰিছিল।

অশোক শৰ্মাই লগতে কৈছিল যে কংগ্ৰেছক ধ্বংস কৰাসকলে এতিয়া বিজেপিৰ জ্যেষ্ঠ কৰ্মীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে।

যোৱা মাহত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়েও নগাঁও সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী শৰ্মাক আক্ৰমণ কৰিছিল।

তাৰ পাছত বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ইন্দ্ৰানী তহবিলদাৰৰ যোৱা মাহত আত্মহত্যাৰ অভিযোগে দলটোৰ বাবে এক বৃহৎ অস্বস্তিৰ সৃষ্টি কৰিছিল কিয়নো ই ‘ধনৰ বিনিময়ত চাকৰি’ কেলেংকাৰীৰ মুখা খুলি দিছিল আৰু দলটোৰ সৈতে জড়িত পাঁচজন লোক গ্ৰেপ্তাৰ হৈছিল। যোৱা সোমবাৰে বিজেপিৰ ক’ৰ গ্ৰুপৰ বৈঠকতো এই বিষয়টো উত্থাপন হৈছিল।

এই বিষয়টোত প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম উত্থাপিত হোৱাৰ পিছত তেওঁ ৰাজ্যিক দলৰ সভাপতি ভবেশ কলিতালৈ পত্ৰ লিখি তেওঁৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। খবৰ অনুসৰি কলিতাই দলৰ সাধাৰণ সম্পাদকক অভিযোগৰ তদন্ত কৰিবলৈ দিয়ে।

ভট্টাচাৰ্যই লিখিছে, ‘মই দলটোৰ প্ৰাৰম্ভিক বেয়া দিনৰে পৰা আজিলৈকে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছো, কিন্তু যোৱা কেইবছৰমানৰ পৰা মই লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছো যে আমাক কোনো গুৰু দায়িত্ব দিয়া নহয়। এয়া দুখৰ বিষয় যে দলৰ ভিতৰতে মোৰ দৰে দলৰ জ্যেষ্ঠ কৰ্মীৰ বিৰুদ্ধে বহু ষড়যন্ত্ৰ চলি আছে। এই কামটো দলীয় মতাদৰ্শ আৰু নীতিৰ লগত সংগতি নথকা নিৰ্দয়, তথাকথিত এচাম বিজেপি কৰ্মীয়ে কৰিছে।”

দ্য প্ৰিণ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভট্টাচাৰ্যই কয়, “দলটোক এটা সংস্কাৰৰ প্ৰয়োজন, যিটো মই মোৰ চিঠিত কৈছিলো।”

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰবীণ নেতা কবীন্দ্ৰ পুৰকায়স্থই দ্য প্ৰিণ্টক কয় যে প্ৰতিদিনে অন্তৰ্যুদ্ধৰ কথা শুনি তেওঁ “দুখিত” হৈ পৰিছে। “এইটোৱে দলৰ ভাবমূৰ্তি বিনষ্ট কৰে…সিদ্ধান্তসমূহ সামূহিকভাৱে লোৱা উচিত, যেনেকৈ আমি অটলজীৰ (বিহাৰী বাজপেয়ী)ৰ দিনত কৰিছিলো।”

দলটোক কিহে জুৰুলা কৰিছে সেই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ এজন প্ৰাক্তন মুৰব্বীয়ে দ্য প্ৰিণ্টক কয় যে, “সমস্যাটো হৈছে এহাতে ক্ষমতা কেন্দ্ৰীভূত কৰা আৰু সভাপতি আৰু সাধাৰণ সম্পাদকক এলাগী কৰা। আগতে এই দুজনেই আছিল দলৰ চকু-কাণ…নেতাৰ চিন্তা শুনিছিল…এতিয়া প্ৰতিজন মুখ্যমন্ত্ৰীয়ে দিল্লীৰ মডেল গ্ৰহণ কৰিব বিচাৰে (য’ত ক্ষমতা কেৱল পিএম মোডী আৰু শ্বাহৰ হাততহে আছে বুলি অভিযোগ উঠিছে)… তেওঁলোকে নিজৰ প্ৰতিদ্বন্দ্বীক আঁতৰত ৰাখে বা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আনক জড়িত নকৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

August 20, 2025 3:49 pm
চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm
আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

August 20, 2025 2:49 pm
গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 2:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

August 20, 2025 3:49 pm
চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd