‘মিছা কৈছে বিজেপিয়ে’ : আমেৰিকাত কৰা মন্তব্যৰ বিষয়ে মুকলিকৈ ক’লে ৰাহুল গান্ধীয়ে

আমেৰিকা ভ্ৰমণৰ সময়ত শিখ সম্প্ৰদায়ৰ সম্পৰ্কে কৰা মন্তব্যৰ বিষয়ে মুকলিকৈ ক’লে লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে সামাজিক মাধ্যমত অভিযোগ কৰে যে বিজেপিয়ে মিছা কথা প্ৰচাৰ কৰিছে।

ৰাহুল গান্ধীয়ে ‘এক্স’ত লিখিছে, “আমেৰিকা মই প্ৰদান কৰা বক্তব্য সম্পৰ্কে বিজেপিয়ে মিছা কথা প্ৰচাৰ কৰিছে। মই ভাৰত আৰু বিদেশৰ প্ৰতিজন শিখ ভাই-ভনীক সুধিব বিচাৰো – মই কোৱা কথাখিনিত কিবা ভুল আছে নেকি? ভাৰত এনে এখন দেশ হ’ব নালাগেনে য’ত প্ৰতিজন শিখ আৰু প্ৰতিজন ভাৰতীয়ই ভয় নোহোৱাকৈ নিজৰ ধৰ্ম পালন কৰিব পাৰে?”

তেওঁ লগতে কয়, “বিজেপিয়ে সদায়ৰ দৰেই মিছাৰ আশ্ৰয় লৈছে। মোক নীৰৱ কৰিবলৈ গৈ হতাশ হৈ পৰিছে। কাৰণ তেওঁলোকে সত্য সহ্য কৰিব নোৱাৰে। কিন্তু প্ৰকৃত ভাৰতক সংজ্ঞায়িত কৰা মূল্যবোধৰ পক্ষত মই সদায় থিয় দিম। অৰ্থাৎ – বৈচিত্ৰ্য, সমতা আৰু প্ৰেম।”

উল্লেখ্য যে যোৱা ১০ ছেপ্টেম্বৰত আমেৰিকাৰ হাৰ্ণ্ডনত ভাৰতীয় মূলৰ আৰু প্ৰব্ৰজনকাৰী ভাৰতীয়ৰ সৈতে হোৱা এখন বৈঠকত ভাষণ দি ৰাহুল গান্ধীয়ে কৈছিল- “ভাৰতত এজন শিখক যাতে পাগুৰি পিন্ধিবলৈ দিয়া হয়, খাৰু পিন্ধিবলৈ দিয়া হয় আৰু তেওঁক নিৰাপদে গুৰুদ্বাৰ ভ্ৰমণ কৰিবলৈ দিয়া হয়।”

তেওঁ অভিযোগ কৰে যে নৰেন্দ্ৰ মোডীৰ চৰকাৰে সংখ্যালঘুসকলৰ মুক্তভাৱে ধৰ্ম পালন কৰাৰ অধিকাৰত হস্তক্ষেপ কৰিছে।

বিজেপিয়ে ৰাহুল গান্ধীৰ এই বক্তব্যক তীব্ৰ সমালোচনা কৰে। বিজেপি আৰু শিৰোমণি আকালি দলৰ ঘনিষ্ঠ একাংশ শিখ সংগঠনে কংগ্ৰেছৰ সাংসদগৰাকীৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদো সাব্যস্ত কৰে।

ইয়াৰ পিছতেই এতিয়া বিজেপিয়ে মিছা কথা কোৱা বুলি অভিযোগ উত্থাপন কৰি স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে ৰাহুল গান্ধী।