উত্তৰ প্ৰদেশৰ বলিয়া জিলাত দলিত অভিযন্তাক প্ৰহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন বিজেপি নেতাক। বিজেপি নেতাজনে অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জোতাৰে প্ৰহাৰ কৰে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ঘটনাৰ এটা ভিডিঅ’। শনিবাৰে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
দেওবাৰে বলিয়া আৰক্ষীয়ে জনোৱা মতে, এজন দলিত অভিযন্তাক নিজৰ কার্যালয়ত প্রৱেশ কৰাৰ পাছত জোতাৰে কোবোৱাৰ অভিযোগত এজন বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। ভাইৰেল হোৱা ঘটনাৰ ভিডিঅ’টোত বিজেপি কৰ্মীজনে বিদ্যুৎ বিভাগৰ অধীক্ষক অভিযন্তা লাল সিঙৰ কাৰ্যালয়ত প্ৰৱেশ কৰি তেওঁৰ সৈতে কাজিয়াত লিপ্ত হোৱা দেখা গৈছে। ইয়াৰ পিছতে বিজেপি কৰ্মীজনে জোতা খুলি অভিযন্তাজনক মাৰপিট কৰিবলৈ ধৰে। লাল সিঙৰ অভিযোগ অনুসৰি বিজেপি কৰ্মীজনৰ নাম মুন্না বাহাদুৰ।
এজাহাৰত লাল সিঙে কয় যে মুন্না বাহাদুৰ নামৰ এজন ব্যক্তিয়ে অনুমতি অবিহনে আন একাংশৰ সৈতে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। তেওঁক আক্ৰমণ কৰাৰ পূৰ্বে লোককেইজনে তেওঁৰ ওপৰত বৰ্ণবাদী গালি-গালাজ কৰিছিল আৰু তাৰ পিছত তেওঁক চৰ মাৰিবলৈ আৰু জোতাৰে আঘাত কৰিবলৈ আৰম্ভ কৰিছিল।
অভিযোগত লাল সিঙে লগতে কয় যে আক্ৰমণকাৰীয়ে কাৰ্যালয়ৰ কিছু গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ আৰু ফাইল ফালি পেলাইছিল। তদুপৰি, লাল সিঙে থানাত এই ঘটনাৰ খবৰ দিলে তেওঁক আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিয়ে আক্ৰমণকাৰীয়ে।
অৱশ্যে গ্ৰেপ্তাৰৰ পূৰ্বে মুন্না বাহাদুৰে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰে। তেওঁৰ মতে, তেওঁ অভিযন্তাৰ কাৰ্যালয়লৈ গৈ বিদ্যুৎ সম্পৰ্কীয় কিছুমান বিষয়ত স্মাৰক পত্ৰ দাখিল কৰিছিল। তাৰ পাছত অভিযন্তা লাল সিঙে তেওঁলোকৰ ওপৰত বৰ্ণবাদী গালি-গালাজ নিক্ষেপ কৰিলে। ইয়াৰ পিছত দুয়োৰে মাজত কাজিয়া লাগিল। লগতে তেওঁক আক্ৰমণ কৰা বুলিও দাবী কৰে।
এই ঘটনা সন্দৰ্ভত স্থানীয় বিজেপি নেতা তথা জিলা সভাপতি সঞ্জয় মিশ্ৰই কয় যে মুন্না বাহাদুৰ তেওঁলোকৰ দলৰ এগৰাকী প্ৰাক্তন দলীয় কৰ্মী আছিল। লগতে এই সন্দৰ্ভত বিজেপিয়ে কি সিদ্ধান্ত ল’ব সেই বিষয়ে জানিবলৈ উচ্চ নেতৃত্বৰ সৈতে যোগাযোগ কৰিব বুলিও কয়।সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে এই ঘটনাৰ ভিডিঅ’ নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, ক্ষমতাৰ অৰ্থ কাকো আক্ৰমণ কৰা নহয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ লগতে অনুসূচিত জাতি/জনজাতিৰ (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।