দুই নম্বৰী ধান্দা : ভুৱা ৱৰ্ক অৰ্ডাৰেৰে কোটি কোটি টকা লুন্ঠন কৰি গ্ৰেপ্তাৰ বিজেপি নেতা

দেউৰী উন্নয়ন পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষকে ধৰি বিভিন্ন উন্নয়ন পৰিষদৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ দি অসমৰ বাহিৰৰ একাধিক ব্যৱসায়ীক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে এজন বিজেপি নেতাৰ বিৰুদ্ধে।

অসমী কুমাৰ দাস আৰু বি. এন. শৰ্মা নামৰ দুজন ব্যক্তিয়ে অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক জি আৰ সামগ্ৰী যোগান ধৰাৰ বাবে প্ৰৱঞ্চনামূলক ৱৰ্ক অৰ্ডাৰ সৃষ্টি কৰি বাংগালুৰুস্থিত কোম্পানী মানফো এক্সপ’ৰ্টছৰ পৰা প্ৰায় ৩.৭৭ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আন এক গোচৰ অনুসৰি অসীম কুমাৰ দাস, বি.এন. শৰ্মা, অমিত জালালি, দেৱ প্ৰকাশ ভাগৱতী, জাকিৰ হুছেইন আদিয়ে নয়ডাৰ পৰা প্ৰণ্টিয়াচ আই টি (প্ৰাইভেট) লিমিটেডৰ পৰা ৫০ লাখ টকা লুন্ঠন কৰে।

একেদৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ প্ৰধান সম্পাদকৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ ব্যৱহাৰ কৰি ৪ কোটি টকা লাভ কৰিছে দলটোৱে।

তদন্তত প্ৰকাশ পাইছে যে আদিবাসী উন্নয়ন পৰিষদ বা অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এনে কোনো ৱৰ্ক অৰ্ডাৰ জাৰি কৰা নাছিল।

এই অভিযানৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত হোৱা অসীম কুমাৰ দাসক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে। দাসে নিজকে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি বুলি দাবী কৰি আমেৰিকাৰ সন্দেহজনক প্ৰতিষ্ঠানৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা বুলি অভিযোগ উত্থাপন হৈছে।