• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত মোক্ষম আঘাত! ৪০০ গাড়ীৰ কনভয় লৈ ছাইৰেন বজাই কংগ্ৰেছলৈ উভতিল বৈজনাথ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 15, 2023 2:54 pm
383
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশত ভোটদানৰ পূৰ্বে কংগ্ৰেছে পুনৰ বিজেপিত আঘাত হানিছে। এইবাৰ চিধাচিধি সিন্ধে শিৱিৰত মোক্ষম আঘাত। ২০২১ চনত জ্যোতিৰাদত্য সিন্ধেৰ সৈতে বিজেপিত যোগদান কৰা শিবপুৰীৰ নেতা বৈজনাথ সিঙে কংগ্ৰেছলৈ উভতি আহিছে। ‘ঘৰলৈ ওভোতা’ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বৈজনাথে ৪০০ বাহনৰ কনভয় লৈ ছাইৰেন বজাই আহিছিল।

শিৱপুৰীৰ পৰা ভূপাললৈকে বৈজনাথ সিঙে ৩০০ কিলোমিটাৰ পথ উজাই আহি  কংগ্ৰেছত যোগদান কৰে। ২০২১ চনত জ্যোতিৰাদত্যই কংগ্ৰেছ এৰি থৈ বিজেপিলৈ যায়। বৈজনাথও তেওঁৰ লগত দল সলনি কৰে। তাৰ পিছতে ৰাজ্যখনত কমলনাথ চৰকাৰৰ পতন ঘটে। বিজেপিৰ শিৱৰাজ সিং চৌহান পুনৰ ক্ষমতালৈ আহে। সিন্ধেক কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। কিন্তু হাত খালী হৈ পৰিছিল বৈজনাথৰ।

লগতে পঢ়ক: আমেৰিকাত গৈ ট্ৰাকত উঠিল ৰাহুল গান্ধী, আমেৰিকাৰ ট্ৰাক চালকৰ উপাৰ্জন শুনি চকু কপালত উঠিল ৰাহুলৰ

সূত্ৰসমূহৰ মতে, এই বছৰ আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থী হ’বলৈ তৎপৰ হৈ পৰিছিল। কিন্তু তেওঁ লাভৱান হ’ব নোৱাৰিলে। বিজেপিৰ টিকট নাপাব বুলি নিশ্চিত হৈয়ে বৈজনাথে পুনৰ কংগ্ৰেছলৈ উভতি যাবলৈ উদ্যোগ আৰম্ভ কৰে। কংগ্ৰেছৰ নেতৃত্বৰ সৈতে কথা পাতে।

বৃহস্পতিবাৰে পুৱা বৈজনাথে ৪০০ খন গাড়ীৰ কনভয় লৈ ভূপালৰ কংগ্ৰেছৰ কাৰ্যালয়লৈ আহে। তেওঁক কংগ্ৰেছৰ পতাকাখন হাতত তুলি দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথে। কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ নেতা দিগ্বীজয় সিং তেওঁৰ কাষত থিয় হৈ আছিল।

লগতে পঢ়ক: ২০২৩ বৰ্ষত দেশত ভয়ংকৰ হাৰত হ্ৰাস পাব কোটিপতিৰ সংখ্যা, কিন্তু কিয়?

ৰাজ্যিক কংগ্ৰেছে দাবী কৰিছে যে কেৱল বৈজনাথেই নহয়, তেওঁৰ শতাধিক ‘বন্ধু’ৱেও কংগ্ৰেছত যোগদান কৰি আৰু বিজেপিৰ জংঘলৰাজ শেষ কৰাৰ পণ লৈছে। কংগ্ৰেছৰ সূত্ৰই জানিব দিয়া মতে, জিলাখনৰ পোন্ধৰজনতকৈও অধিক নেতাই বৈজনাথৰ সৈতে দলটোত যোগদান কৰিছে।

ইপিনে, ৪০০ গাড়ীৰ কনভয় দেখি ভূপালৰ নাগৰিকৰ চকু কপালত উঠিল। কনভয় ৰাষ্ট্ৰীয় পথেৰে পাৰ হৈ যোৱাৰ সময়ত বহু লোকে ম’বাইলত এই দৃশ্য বন্দী কৰে। ইয়াক লৈ বিতৰ্কও আৰম্ভ হৈছে।

मध्यप्रदेश के शिवपुरी जिले के सिंधिया समर्थक नेता बैजनाथ सिंह अपना हजारों समर्थक का काफिला लेकर कांग्रेस पार्टी में शामिल होने के लिऐ जाते हुए। pic.twitter.com/p1TOOabyTk

— Ritu Choudhary (@RituChoudhryINC) June 14, 2023

বিজেপিৰ প্ৰশ্ন হ’ল, ছাইৰেন বজাই কনভয় দৌৰওৱাটো কিমান বৈধ? বৈজনাথ বা তেওঁৰ সংগীসকলে কেনেকৈ ছাইৰেন বজোৱাৰ অনুমতি পালে? বিজেপিয়ে ইয়াক কংগ্ৰেছৰ স্বৈৰাচাৰী মানসিকতাৰ চূড়ান্ত প্ৰকাশ বুলি অভিহিত কৰিছে। কংগ্ৰেছে প্ৰত্যুত্তৰত বিজেপিয়ে ভৰিৰ তলৰ মাটি হেৰুওৱাৰ ভয়ত আইনৰ দোহাই দিব লগা হৈছে।

Recent News

কংগ্ৰেছৰ দাবী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰৰ পদত্যাগৰ পিছত আছে গভীৰ কাৰণ

কংগ্ৰেছৰ দাবী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰৰ পদত্যাগৰ পিছত আছে গভীৰ কাৰণ

‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

পত্নীৰ বিৰুদ্ধে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ অভিযোগ

পত্নীৰ বিৰুদ্ধে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd