• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী পুৰস্কাৰৰ ধন বিচাৰিলে ‘চৌদি আৰবলৈ যাওক’, বিজেপি নেতাৰ মাদ্ৰাছাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক নিৰ্দেশ

by
July 16, 2024 5:03 pm
719
VIEWS
Share on FacebookShare on Twitter

যোগ্যতাৰ মূল্য পাব বিচাৰিলে ‘চৌদি আৰৱলৈ যাওক’ বুলি উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি নেতাৰ মন্তব্যক কেন্দ্ৰ কৰি শাসকীয় দলৰ বিৰোধিতা আৰম্ভ হৈছে। বিজেপি শাসিত যোগী আদিত্যনাথ চৰকাৰক কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে এই বিষয়ক লৈ আক্ৰমণাত্মক হৈ পৰে৷

উত্তৰ প্ৰদেশ চৰকাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক বিপুল নগদ পুৰস্কাৰ আগবঢ়োৱাৰ পৰাই বিতৰ্ক আৰম্ভ হয়। কিন্তু, মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী এই সুবিধাৰ পৰা বঞ্চিত। ৰাজ্যখনৰ বিৰোধী কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিক বঁটা দিয়াৰ সিদ্ধান্ত অতি ভাল বুলি অভিযোগ উত্থাপন কৰে যে ইয়াৰ পৰা মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী কিয় বঞ্চিত কৰা হৈছে?

বিৰোধীসকলে কয় যে সংস্কৃত আৰু ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰাসকলক পুৰস্কাৰ ধনৰ বাবে যোগ্য বুলি গণ্য কৰা হয় যদিও মাদ্ৰাছা শিক্ষাত শীৰ্ষস্থান দখল কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকল নহয়। বিৰোধী দলৰ এছ পি আৰু কংগ্ৰেছে কয় যে সকলো ধৰ্মকে সমান ব্যৱহাৰ কৰা উচিত। শেহতীয়া লোকসভা নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰা সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে যোগী আদিত্যনাথ চৰকাৰে মুছলমানক পৃথক ধৰণে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য প্ৰমোদ তিৱাৰীয়ে অভিযোগ কৰে যে আমাৰ দেশৰ সংবিধানে সকলো ধৰ্ম আৰু ভাষাক সুৰক্ষা প্ৰদান কৰে। মই ক’ব বিচাৰো যে সকলো ভাষাকে সমান মৰ্যাদা দিয়া উচিত আৰু ইয়াৰ বিকাশত চৰকাৰে ইতিবাচক ভূমিকা ল’ব লাগে।

বিৰোধীৰ অভিযোগ খণ্ডন কৰি বিজেপিৰ জ্যেষ্ঠ নেতা মহছিন ৰাজাই কয় যে ধৰ্মীয় শিক্ষাৰ বিকাশৰ বাবে চৰকাৰী ধন ব্যয় কৰিব নোৱাৰি। কোনো বিশেষ ধৰ্মক এই খণ্ডত ধন দিব নোৱাৰি। যদি এনেকুৱা পুৰস্কাৰ পাবই লাগিব তেন্তে চৌদি আৰৱলৈ যাওক। তালৈ গৈ পুৰস্কাৰ আৰু টকা লওক।

প্ৰসংগক্ৰমে শেহতীয়াকৈ চৰকাৰে দশম আৰু দ্বাদশত শীৰ্ষস্থান দখল কৰা ৰাজ্যখনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰ্থিক বঁটা আৰু সন্মানৰ কথা ঘোষণা কৰে। প্ৰত্যেককে ১ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ সংস্কৃত শিক্ষা ব’ৰ্ডৰ মাধ্যমিক পৰ্যায়, চিবিএছই আৰু চিআইএছচিই পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীকো অন্তৰ্ভুক্ত কৰা হৈছে। এই পুৰস্কাৰৰ ধনৰ বাবে চৰকাৰী ৰাজকোষত ৪.৭৩ কোটি টকা ব্যয় কৰা হৈছে। কিছুদিন পূৰ্বে চৰকাৰী বিদ্যালয়ত অনুমোদনহীন মাদ্ৰাছা আৰু চৰকাৰী পৃষ্ঠপোষকতাত অধ্যয়ন কৰা অমুছলমান ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ নিৰ্দেশ দিছিল।

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd