• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী পুৰস্কাৰৰ ধন বিচাৰিলে ‘চৌদি আৰবলৈ যাওক’, বিজেপি নেতাৰ মাদ্ৰাছাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক নিৰ্দেশ

by
July 16, 2024 5:03 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগ্যতাৰ মূল্য পাব বিচাৰিলে ‘চৌদি আৰৱলৈ যাওক’ বুলি উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি নেতাৰ মন্তব্যক কেন্দ্ৰ কৰি শাসকীয় দলৰ বিৰোধিতা আৰম্ভ হৈছে। বিজেপি শাসিত যোগী আদিত্যনাথ চৰকাৰক কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে এই বিষয়ক লৈ আক্ৰমণাত্মক হৈ পৰে৷

উত্তৰ প্ৰদেশ চৰকাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক বিপুল নগদ পুৰস্কাৰ আগবঢ়োৱাৰ পৰাই বিতৰ্ক আৰম্ভ হয়। কিন্তু, মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী এই সুবিধাৰ পৰা বঞ্চিত। ৰাজ্যখনৰ বিৰোধী কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিক বঁটা দিয়াৰ সিদ্ধান্ত অতি ভাল বুলি অভিযোগ উত্থাপন কৰে যে ইয়াৰ পৰা মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী কিয় বঞ্চিত কৰা হৈছে?

বিৰোধীসকলে কয় যে সংস্কৃত আৰু ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰাসকলক পুৰস্কাৰ ধনৰ বাবে যোগ্য বুলি গণ্য কৰা হয় যদিও মাদ্ৰাছা শিক্ষাত শীৰ্ষস্থান দখল কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকল নহয়। বিৰোধী দলৰ এছ পি আৰু কংগ্ৰেছে কয় যে সকলো ধৰ্মকে সমান ব্যৱহাৰ কৰা উচিত। শেহতীয়া লোকসভা নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰা সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে যোগী আদিত্যনাথ চৰকাৰে মুছলমানক পৃথক ধৰণে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য প্ৰমোদ তিৱাৰীয়ে অভিযোগ কৰে যে আমাৰ দেশৰ সংবিধানে সকলো ধৰ্ম আৰু ভাষাক সুৰক্ষা প্ৰদান কৰে। মই ক’ব বিচাৰো যে সকলো ভাষাকে সমান মৰ্যাদা দিয়া উচিত আৰু ইয়াৰ বিকাশত চৰকাৰে ইতিবাচক ভূমিকা ল’ব লাগে।

বিৰোধীৰ অভিযোগ খণ্ডন কৰি বিজেপিৰ জ্যেষ্ঠ নেতা মহছিন ৰাজাই কয় যে ধৰ্মীয় শিক্ষাৰ বিকাশৰ বাবে চৰকাৰী ধন ব্যয় কৰিব নোৱাৰি। কোনো বিশেষ ধৰ্মক এই খণ্ডত ধন দিব নোৱাৰি। যদি এনেকুৱা পুৰস্কাৰ পাবই লাগিব তেন্তে চৌদি আৰৱলৈ যাওক। তালৈ গৈ পুৰস্কাৰ আৰু টকা লওক।

প্ৰসংগক্ৰমে শেহতীয়াকৈ চৰকাৰে দশম আৰু দ্বাদশত শীৰ্ষস্থান দখল কৰা ৰাজ্যখনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰ্থিক বঁটা আৰু সন্মানৰ কথা ঘোষণা কৰে। প্ৰত্যেককে ১ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ সংস্কৃত শিক্ষা ব’ৰ্ডৰ মাধ্যমিক পৰ্যায়, চিবিএছই আৰু চিআইএছচিই পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীকো অন্তৰ্ভুক্ত কৰা হৈছে। এই পুৰস্কাৰৰ ধনৰ বাবে চৰকাৰী ৰাজকোষত ৪.৭৩ কোটি টকা ব্যয় কৰা হৈছে। কিছুদিন পূৰ্বে চৰকাৰী বিদ্যালয়ত অনুমোদনহীন মাদ্ৰাছা আৰু চৰকাৰী পৃষ্ঠপোষকতাত অধ্যয়ন কৰা অমুছলমান ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ নিৰ্দেশ দিছিল।

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd