‘বিধায়ক প্ৰশান্ত ফুকনে বিদ্যালয়লৈ গৈ গৰু আৰু মানুহৰ মাজৰ পাৰ্থক্য শিকক’ : নেমছু

‘প্ৰশান্ত ফুকনে বিদ্যালয়ত ভৰ্তি হৈ শিক্ষা গ্ৰহণ কৰক আৰু বিদ্যালয়লৈ গৈ গৰু আৰু মানুহৰ মাজৰ পাৰ্থক্য শিকক বিধায়ক প্ৰশান্ত ফুকনে।’ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৱে আজি এইদৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক সমালোচনা কৰে।

আজি নেমছুৰ নৱ গঠিত বিশ্বনাথ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদ্ৰৰুল ইছলাম আৰু সহকাৰী সাধাৰণ সম্পাদক জুলফিকাৰ আহমেদে ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে সংখ্যালঘু সকলক গাখীৰ নিদিয়া গৰুৰ সৈতে তুলনা কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক জুলফিকাৰ আহমেদে সাংবাদিকৰ আগত আজি প্ৰশান্ত ফুকনৰ এনে মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা কৰে। লগতে বিধায়ক প্ৰশান্ত ফুকনক সংখ্যালঘু লোকসকলক লৈ  সমাজত দ্বি-খণ্ডিত কৰিব বিচৰা মন্তব্য নিদি অনাগত দিনত এনেধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ কঠোৰ সকীয়নি প্ৰদান।

তাৰোপৰি সংগঠনৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে এনেধৰণৰ বিভাজনৰ ৰাজনীতি বন্ধ কৰি  সৰ্বাংগীন সংখ্যালঘুৰ উন্নতিৰ হকে কাম কৰিবলৈ ৰাজ্যচৰকাৰৰ ওচৰত আহ্বান জনায়।