NORTHEAST NOW (Assamese)

“বু্ঢ়ীমাৰৰ দৰে অৱস্থা হ’ব তোৰ..” : ৰাহুল গান্ধীক হত্যাৰ ভাবুকি বিজেপি নেতাৰ

September 18, 2024 12:59 pm · এন ই নাও নিউজ
Updated: September 18, 2024 1:54 pm

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে লাভ কৰিছে হত্যা আৰু শাৰীৰিক আক্ৰমণৰ ভাবুকি। অভিযোগ অনুসৰি বিজেপি নেতাই কংগ্ৰেছ নেতাগৰাকীক এই ভাবুকি প্ৰদান কৰিছে।

বুধবাৰে কংগ্ৰেছ নেতা অজয় ​​মাকেনে এই সম্পৰ্কে দিল্লীৰ টুগলাক ৰোড থানাত এজাহাৰ দাখিল কৰে। ৰাহুল গান্ধীক ভাবুকি প্ৰদান কৰা সকলৰ ভিতৰত আছে বিজেপি নেতা তৰ্বিন্দৰ সিং মাৰৱা।

উল্লেখ্য যে যোৱা ১১ ছেপ্টেম্বৰত বিজেপিৰ এক অনুষ্ঠানত মাৰৱাই কৈছিল, “ৰাহুল গান্ধী, আপুনি নিজকে শুধৰাই দিয়ক, নহ’লে কাইলৈ আপুনি আপোনাৰ আইতাৰাৰ দৰে ভাগ্যৰ সন্মুখীন হ’ব।”

ইয়াৰ উপৰিও শিৱসেনাৰ শিন্দে শিবিৰৰ বিধায়ক সঞ্জয় গাইকৱাদৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সময়ত শিৱসেনাৰ নেতাগৰাকীয়ে কৈছিল – কোনোৱে ৰাহুল গান্ধীৰ জিভাখন কাটি দিব পাৰিলে ১১ লাখ টকা পুৰষ্কাৰ দিয়া হ’ব।

ইয়ালে ৰে’ল ৰাজ্য মন্ত্ৰী ৰৱনীত বিট্টুৰ বিৰুদ্ধেও অভিযোগ উত্থাপোন কৰিছে কংগ্ৰেছে। যোৱা ১৫ ছেপ্টেম্বৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকাৰ সময়তে তেওঁ ৰাহুল গান্ধীক ‘এক নম্বৰ উগ্ৰপন্থী’ বুলি অভিহিত কৰিছিল।

কংগ্ৰেছৰ অভিযোগ যে বিজেপি আৰু এন ডি এৰ সংবাদ মাধ্যমে ৰাহুলৰ বিৰুদ্ধে উচটনি দিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে এনেধৰণৰ শব্দ ব্যৱহাৰ কৰি ৰাইজৰ মাজত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে।

Related News