সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Lashkar Terrorist

দেওবাৰে জম্মু-কাশ্মীৰত আটক কৰা দুজন লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীক। আটক কৰা দুই সদস্যৰ অন্যতম তালিব হুছেইন শ্বাহক এজন ৱাণ্টেড সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰা হৈছিল। পিছে এই ৱাণ্টেড সন্ত্ৰাসবাদীজন শাসনাধিষ্ঠ বিজেপি দলৰ এজন সক্ৰিয় সদস্য বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ সংবাদ মাধ্যম এন ডি টিভিয়ে এই তথ্য প্ৰকাশ কৰিছে। এন ডি টিভি- ত প্ৰকাশিত খবৰ অনুসৰি তালিব হুছেইন শ্বাহ নামৰ এই এল-ই-টি সন্ত্ৰাসবাদীজন জম্মুত বিজেপিৰ সংখ্যালঘু মৰ্চা ছ’চিয়েল মিডিয়াৰ দায়িত্বত আছিল।

উল্লেখ্য যে শ্বাহ আৰু তেওঁৰ এজন সতীৰ্থক দেওবাৰে পুৱা জম্মুৰ ৰিয়াচি অঞ্চলত গাওঁবাসীয়ে বন্দী কৰিছিল। দুয়োগৰাকী সদস্যৰ পৰা দুটা একে ৰাইফল, কেইবাটাও গ্ৰেনেড আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল।

গাঁওবাসীয়ে পিছত তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিছিল। গাওঁবাসীয়ে সন্ত্ৰাসবাদী দুজনক আটক কৰাৰ কিছু সময়ৰ পিছতে জম্মু-কাশ্মীৰৰ বিজেপি সভাপতি ৰবীন্দ্ৰ ৰাইনাৰ সৈতে তালিব হুছেইনৰ এখন ফটো ছচিয়েল মিডিয়াত প্ৰকাশ পাইছিল।

ইয়াৰ পিছতে প্ৰকাশ পোৱা আন কেইখনমান ফটোত তালিব হুছেইনক বিজেপিৰ আন কেইজনমান নেতাৰ সৈতেও দেখিবলৈ পোৱা যায়। তদুপৰি তালিবে বিজেপিৰ দলীয় পতাকা গাত আঁৰি লোৱা এখন ফটোও ভাইৰেল হৈ পৰে। যোৱা ৯ মে’ত বিজেপিয়ে শ্বাহক জম্মু প্ৰদেশত দলৰ তথ্য প্ৰযুক্তি আৰু ছ’চিয়েল মিডিয়াৰ দায়িত্বত নিযুক্তি দিছিল বুলি জানিব পৰা গৈছে।

 

এইদৰে সামাজিক মাধ্যমত তালিবৰ ফটোসমূহ ভাইৰেল পৰাৰ পিছতে তীব্ৰ অস্বস্তিত পৰিছে বিজেপি। এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জম্মু-কাশ্মীৰৰ বিজেপিৰ মুখপাত্ৰ অভিজিত জাচৰোটিয়াই কয়, “দলত যোগদান কৰা প্ৰতিজন ব্যক্তিৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাটো অতি কঠিন। দলৰ প্ৰতিজন নতুন প্ৰৱেশকাৰীৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাটো ব্যৱহাৰিকভাৱে সম্ভৱ নহয়।”

ইফালে, জম্মু-কাশ্মীৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি শ্বেখ বছিৰে দাবী কৰে যে তালিব হুছেইনে দুমাহ পূৰ্বে দলৰ পৰা পদত্যাগ কৰাৰ লগতে আইটি চেলৰ ভাৰপ্ৰাপ্ত পদৰ পৰাও পদত্যাগ কৰিছিল।

“তালিব হুছেইনে এটা বাতৰি পৰ্টেল চলাই আছিল। সেয়েহে তেওঁক দলত আইটি চেল ইন চাৰ্জ হিচাপে নিযুক্তি দিয়া হৈছিল।”— শ্বেখ বছিৰে কয়। তেওঁ লগতে তালিবৰ আঁৰৰ ৰহস্যৰ বিষয়ে অৱগত নাছিল বুলি দাবী কৰে।

বাতৰি অনুসৰি তালিব হুছেইন জম্মু প্ৰদেশত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ অন্যতম প্ৰধান ষড়যন্ত্ৰকাৰী আছিল। তদুপৰি এইবাৰৰ অমৰনাথ যাত্ৰাত তালিবে আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলিও জানিব পৰা গৈছে।