ধিক্! দেশবাসীৰ বন্দিত ছবিত ঘৃণাৰ বিষবাষ্প ছটিয়াবলৈ নেৰিলে হিন্দুত্ববাদী নেতাই

Shah Rukh Khan in Lata Mangeshkar’s funeral

সমগ্ৰ দেশ আজি শোকস্তব্ধ। আৰু নাই লতা মংগেশকাৰ! স্বাধীন ভাৰতৰ আকাশ বতাহ মুখৰিত কৰি ৰখা সুৰসম্ৰাজ্ঞী লতাদিদী আৰু নাই! কালি তেওঁৰ মহাপ্ৰয়ানৰ পাছতে সমগ্ৰ দেশ মূক হৈ পৰিছে। আৰম্ভ হৈছে শ্ৰদ্ধাঞ্জলীৰ।

দেশৰ ভিন ভিন ধৰ্ম-ৰাজনীতিৰ উৰ্ধত সকলোৱে লতাদিদীৰ বাবে প্ৰাৰ্থনা কৰিছে। কি হিন্দু, কি মুছলমান, সকলোৰে উৰ্ধত এই প্ৰাৰ্থনা। প্ৰকৃততে এয়াই ভাৰতবৰ্ষৰ অন্তৰাত্মাৰ প্ৰকাশভংগী বুলিব পাৰি।

দেওবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত লতাদিদীক শেষশ্ৰদ্ধা জনাবলৈ অলেখ গুণমুগ্ধই ভীৰ কৰেহি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পৰা আৰম্ভ কৰি শচীন টেণ্ডুলকাৰ, আমিৰ খান, জাভেদ আখটাৰ- সকলোৱে লতাদিদীৰ শেষ মুহূৰ্তটোৰ সাক্ষী হৈ ৰয়। বলিউডৰ ন পুৰণি শিল্পীসকলেও ইয়াত ভাগ লয়।

চুপাৰষ্টাৰ শ্বাহৰুখ খানেও আহি লতাদিদীৰ বাবে দোৱা কৰে। লতাদিদীৰ নশ্বৰদেহৰ কাষত খানৰ দোৱা কৰি থকাৰ ছৱিখনে অজস্ৰ লোকক মুহি নিয়ে। ভাইৰেল হৈ পৰা ছৱি আৰু ভিডিঅ’সমূহত দেখা গৈছে, অভিনেতাজনে দোৱা কৰি থকা অৱস্থাত তেওঁৰ কাষত এগৰাকী মহিলাই হাতজোৰ কৰি প্ৰাৰ্থনা কৰি আছে। তেওঁ হৈছে খানৰ মেনেজাৰ পূজা দাদলানি।

তেওঁলোকে জনোৱা এই শ্ৰদ্ধাঞ্জলীৰ ভিডিঅ’টোৱে প্ৰতীয়মান কৰে- ধৰ্ম-ভাষা ভিন্ন হ’লেও দেশখনৰ আত্মা অভিন্ন! শ্বাহৰুখ খান এগৰাকী মুছলমান, সেয়ে তেওঁ দোৱা কৰিছে আৰু ১২ চেকেণ্ডৰ এই দোৱা কৰাৰ পাছত মাস্কখন আঁতৰাই বতাহখিনি ফুঁৱাইছে।

মুছলমানসকলৰ এইটো এটা জনাজাত পৰম্পৰা। আনহাতে, দাদলানি এগৰাকী হিন্দু বাবে তেওঁ প্ৰাৰ্থনা কৰিছে।

কিন্তু ইয়াতো ধৰ্মীয় ভেদাভেদৰ বিহবাষ্প চটিয়াবলৈ নেৰিলে হিন্দুত্ববাদীসকলে। অৰুণ যাদৱ নামৰ এগৰাকী বিজেপি নেতাই এটা আজৱ প্ৰশ্ন টুইটাৰত প’ষ্ট কৰিছে।

যাদৱে লিখিছে যে শ্বাহৰুখে সুৰসম্ৰাজ্ঞীগৰাকীক অসন্মান কৰিছে নেকি? দোৱা কৰাৰ পাছত বতাহখিনি ফুঁওৱাৰ ভংগীমাৰে প্ৰকৃততে লতাৰ শেষশয্যাৰ কাষত থুৱাইছেহে নেকি?

চাওক, বিজেপি নেতাজনৰ এই টুইটটো। কোনো লালু-পাঞ্জু নেতা নহয় এওঁ। বৰঞ্চ হাৰিয়ানাৰ দৰে এখন ৰাজ্যৰ বিজেপি দলৰ আই টি চেলৰ ভাৰপ্ৰাপ্ত নেতা এই অৰুণ যাদৱ।

 

কেৱল যাদৱেই নহয়, উত্তৰপ্ৰদেশ বিজেপিৰ মুখপাত্ৰ প্ৰশান্ত উমাৰাওৱে এনেধৰণৰ টুইট কৰিছে।

এওঁলোকৰ টুইটসমূহ চোৱাৰ পাছত নিঃসন্দেহে আপোনাৰ মনলৈও আহিব পাৰে- ধিক! কিমান লেতেৰা মানসিকতা হ’লে এনেধৰণৰ কথা ক’ব পাৰে?

মনত কিমান ঘৃণা থাকিলে এইধৰণৰ প্ৰশ্ন কৰিব পাৰে। ইয়াৰ দ্বাৰা বিজেপি নেতাজনে লতাদিদীক অসন্মান কৰা নাইনে? লতাদিদীৰ গানবোৰক অপমান কৰা নাইনে?

লতাদিদীয়ে গাই গৈছিল- আল্লাহ তেৰ’ নাম, ঈশ্বৰ তেৰ’ নাম, সৱক’ সন্মতি দে ভগৱান! ১৯৬১ চনৰ ‘হাম দনো’ নামৰ চিনেমাখনত গোৱা এই গীতটিত হিন্দু-মুছলিমৰ মাজত সমন্বয়ৰ বাৰ্তা দিয়া গৈছিল।

এতিয়া, শ্বাহৰুখ খানৰ দোৱাক লৈ এই বিজেপি নেতাবিলাকে কৰা চৰম ঘৃণনীয় মন্তব্যসমূহে লতাদিদীৰ গানটোক পুনৰ সুঁৱৰাই দিছে।

হে আল্লা, হে ঈশ্বৰ, মনত কেৱল ঘৃণা, সাম্প্ৰদায়িক মনোবৃত্তিৰে দেশক ভাগ ভাগ কৰিব বিচৰা এই লোকসকলক সুমতি দিয়া প্ৰভু!