CAAক লৈ মোদীৰ স্পষ্ট স্থিতি; কোনো চাপৰ মুখত আঁতৰি নাহে চৰকাৰ

narendra-modi

প্রধান মন্ত্রী নরেন্দ্র মোদী। ফাইল ফটো

CAAক লৈ চৰকাৰে পিছ হুহুকি অহাৰ কোনো প্ৰশ্ন নাই। এনডিএৰ সহযোগী দলৰ বৈঠকত এই কথা স্পষ্ট কৰি দিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধান মন্ত্ৰীয়ে দাবী কৰে যে  CAA আনি কেন্দ্ৰীয় চৰকাৰে কোনো ভুল কৰা নাই। সেয়ে এইক্ষেত্ৰত আঁতৰি অহাৰ কোনো প্ৰশ্ন নাই।

প্ৰধান মন্ত্ৰী মোদীয়ে এনডিএৰ সহযোগী দলসমূহক আইনখনৰ সমৰ্থন কৰিবলৈকো আহ্বান জনায়।

সংশোধিত নাগৰিকত্ব আইনৰ সন্দৰ্ভত দেশৰ একাংশ নাগৰিক সমাজৰ মাজত তীব্ৰ ক্ষোভৰ উদ্গীৰণ হৈছে। তদুপৰি, জনসাধাৰণৰ ক্ষোভৰ সুযোগ লোৱাৰ বাবে তৎপৰ হৈ পৰিছে বিৰোধী দল।

চলিত বাজেট অধিৱেশনত এই বিষয়টোক লৈ কিমান আলোচনা বা প্ৰতিবাদ হ’ব সেয়া অৱশ্যেই লক্ষণীয় হৈ পৰিছে।

শুকুৰবাৰে বাজেট অধিৱেশনৰ প্ৰথম দিনটোত ছোনিয়া গান্ধীৰ নেতৃত্বত বিৰোধী দলসমূহে প্ৰতিবাদ কৰে।

বাজেট অধিৱেশনৰ পূৰ্বে আহ্বান কৰা সৰ্বদলীয় বৈঠকতে প্ৰতিবাদৰ উমান পাইছিল বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে।

বিৰোধী দলৰ লগতে চৰকাৰৰ সহযোগী দল শিৰোমণি আকালি দলেও আইনখনৰ বিৰোধিতা স্পষ্ট কৰে। দলটোৱে আনকি বিতৰ্কিত আইনখন প্ৰত্যাহাৰ কৰাৰ দাবীও তোলে।

নিজৰে সহযোগী দলৰ এনে বিৰোধিতা অস্বস্তিত পৰা বিজেপিয়ে শুকুৰবাৰে সহযোগী দলসমূহৰ এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত প্ৰধান মন্ত্ৰীৰ সমৰ্থনত এটা প্ৰস্তাৱো গৃহীত কৰা হয়।

বৈঠকত মোদীয়ে চলিত বাজেট অধিৱেশনত বিৰোধী দলৰ প্ৰতিবাদৰ লগতে সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈকো সহযোগী দলসমূহক আহ্বান জনায়। তদুপৰি, যিকোনো পৰিস্থিতিতে চৰকাৰ আইনখনক লৈ আঁতৰি নহাৰ কথাও স্পষ্ট কৰি দিয়ে।