বিজেপি বিধায়িনী দলৰ বৈঠকে ল’লে সিদ্ধান্ত; অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

WhatsApp Image 2021-05-09 at 1.15.13 PM

দিচপুৰৰ বিধানসভাৰ বিজেপি দলৰ বিধায়িনী কক্ষত ইতিমধ্যে বিজেপিৰ বিধায়িনী দলৰ বৈঠকচলি আছে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় পৰ্যবেক্ষক বি এল সন্তোষ, বৈজয়ন্ত পাণ্ডা, নৰেন্দ্ৰ সিং টোমৰ আৰু অৰুণ সিং এই বৈঠকত উপস্থিত আছে।

বৈঠকত ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ নাম প্ৰস্তাৱ কৰা হৈছে। সেইমতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা।

তীব্ৰ উৎকণ্ঠাৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ জ্যেষ্ঠ বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। এতিয়া অসমৰ নতুন মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা।

বিধায়িনী দলৰ বৈঠকত দলে ৫২বছৰীয়া শৰ্মাক ইয়াৰ নেতা হিচাপে নিৰ্বাচিত কৰে।

বিধায়িনী দলৰ বৈঠকত ড০ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

হিমন্ত বিশ্ব শৰ্মা উত্তৰ পূব ভাৰতৰ দলৰ নিৰ্বাচনী কৌশল ৰচনাকাৰী হিচাপে পৰিচিত।

জালুকবাৰী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা ড০ শৰ্মাই ২০১৫চনত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল।

বৰ্তমান তেওঁ চৰকাৰখনত বিত্ত, লোক নিৰ্মাণ বিভাগ, স্বাস্থ্য তথা শিক্ষা দপ্তৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত মুখ্য প্ৰচাৰক তথা কৌশল ৰচনাকাৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ হৈ নেতৃত্ব দিছিল।

ইয়াৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী পদৰ পৰা আনুষ্ঠানিভাৱে পদত্যাগ কৰিছিল ৫৯ বছৰীয়া সৰ্বানন্দ সোণোৱালে।

বিজেপিৰ মুঠ ৬০ গৰাকী বিধায়কৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল।

ইপিনে, আজি পৰম্পৰাগত সাজেৰে বিধানসভাত প্ৰৱেশ কৰিছিল নৱ নিৰ্বাচিত বিধায়ক অমিয় ভূঞাই। তেওঁ কৈছিল যে সকলো শ্ৰেণীৰ লোকৰ চিন্তা কৰা এগৰাকী সংবেদনশীল মুখ্যমন্ত্ৰী বিচাৰে। অসমক ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব পৰা চৰকাৰ গঠিত হ’ব বুলিও দাবী কৰিছিল অমিয় ভুঞাই।

আনহাতে, নিৰ্বাচনী জয়ত হিমন্ত বিশ্ব শৰ্মাৰ অৰিহণা কোনেও অস্বীকাৰ কৰিব নোৱাৰে বুলি দাবী কৰিছিল বিধায়ক জয়ন্ত মল্ল বৰুৱাই।