NORTHEAST NOW (Assamese)

বিজেপিৰ অৱস্থা এতিয়া থৰক-বৰক : উপমন্যু হাজৰিকা

March 17, 2019 9:27 pm · কল্পজ্যোতি শইকীয়া
উপমন্যু হাজৰিকা। ফাইল ফটো।

“বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা এটা শক্তিশালী শাসকীয় দল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত থৰক-বৰক হৈছে”, বিজেপিক ইংগিত কৰি আজি এই মন্তব্য কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

তদুপৰি বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপি দল অস্তিত্বৰ শংকাত ভোগা বুলি দাবী কৰি হাজৰিকাই কয়, “বিজেপি ৰাজ্যিক নেতৃত্ব আৰু চৰকাৰৰ কাম-কাজত ইয়াৰ বহিৰ্প্ৰকাশ ঘটিছে। তেওঁলোকে এতিয়াহে অনুভৱ কৰিলে যে নিজ দলৰে তৃণমূল কৰ্মী আৰু সাধাৰণ ৰাইজৰ আস্থা হেৰুৱাইছে।”

হাজৰিকাই লগতে কয়, “দলটোৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত থকা অসমৰ একমাত্ৰ মন্ত্ৰীজনক টিকটৰ পৰা বঞ্চিত কৰা হ’ল। আনফালে আটাইতকৈ পুৰণা নেতা তথা সাংসদক দলৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰা হ’ব। ইয়াৰোপৰি বৰ্তমানৰ আন কেইবাজনো সাংসদ পুনৰ প্ৰাৰ্থী হিচাপে তালিকাত স্থান পোৱা নাই।”

বিজেপিৰ এনে হোৱাৰ কাৰণো বাখ্যা কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে।

তেওঁ কয়, “বিজেপিত এনে হোৱাৰ মূল কাৰণ হৈছে, তেওঁলোকে খিলঞ্জীয়াৰ অস্তিত্বৰ ৰক্ষাৰ ঠিকা লৈ ভোট সংগ্ৰহ কৰিলে, কিন্তু পিছত প্ৰতাৰণাহে কৰিলে”।

তেওঁ এইষাৰ কথা দুবছৰৰ পূৰ্বেই বিজেপিৰ নেতৃত্বক ৰাজহুৱাভাৱে সতৰ্ক কৰি দিয়া বুলি দাবী কৰে।

“যি ধৰণে তেওঁলোকে খিলঞ্জীয়াৰ স্বাৰ্থসমূহৰ বিপৰীত স্থিতি লৈ গুৰুত্বহীন কৰিবলৈ প্ৰচেষ্টা চলাইছে, তেওঁলোক নিজে এদিন নিঃশেষ হৈ যাব”, নৰ্থ-ইষ্ট নাওৰ আগত হাজৰিকাই কয়।

ইপিনে, খিলঞ্জীয়াৰ সুৰক্ষা সু-নিশ্চিত কৰাৰ স্বাৰ্থতহে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বুলি দাবী কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়কজনে।

“অসমৰ ৰাইজ আৰু সকলো দলৰ তৃণমূল কৰ্মীসকলে বুজি পাইছে যে যি বিষয়সমূহ লৈ মই নিৰ্বাচনত অবৰ্তীণ হৈছো, তাতকৈ  খিলঞ্জীয়া ৰাইজৰ কাৰণে আন কোনো বিষয় প্ৰাসংগিক হ’ব নোৱাৰে।”

ইপিনে, কংগ্ৰেছ অগপ আৰু বিজেপি দলৰ বহুসংখ্যক তৃণমূল কৰ্মী আৰু কাৰ্য্যকৰ্তাই তেওঁক নিৰ্বাচনত সহায় কৰিবলৈ আগ বাঢ়ি আহিছে বুলি দাবী কৰে হাজৰিকাই।

Related News