ৰাজ্যসভাত এইবাৰো সংখ্যাগৰিষ্ঠ দল হোৱাৰ সপোন পূৰণ নহ’ব পাৰে বিজেপিৰ, কিন্তু কিয়?

bjp

দেশ শাসন কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। লোকসভাৰ মজিয়াত নিঃসন্দেহে বিজেপিৰ সাংসদৰ সংখ্য অধিক।কিন্তু ৰাজ্যসভাত বিজেপিৰ সাংসদৰ সংখ্যা আজিও সংখ্যগৰিষ্ঠ হ’ব পৰা নাই। বিজেপিয়ে লোকসভাৰ দৰেই ৰাজ্য সভাতো সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ সপোন দেখি আহিছে যদিও দলটোৰ সেই আশা হয়তো এইবাৰ পূৰ নহ’ব।

শেহতীয়াকৈ অসম, হিমাচল প্ৰদেশ আদি ৰাজ্যক বাদ দি আন কেইবাখনো ৰাজ্যৰ বিধানসভা বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই।

ইয়াৰ প্ৰভাৱ ৰাজ্যসভাৰ আসনৰ ওপৰতো পৰিব।বৰ্তমান ৰাজ্যসভাত থকা বিজেপিৰ সাংসদৰ সংখ্যা হৈছে ৯৩।এই সংখ্যা সংখ্যগৰিষ্ঠতা লাভ কৰিবলৈ প্ৰয়োজন হোৱা সংখ্যাতকৈ বহু কম। অহা বছৰ দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন।

বিজেপিয়ে এই নিৰ্বাচনত ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ আৰু ছট্টিশগড়ত বাৰুকৈয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। অহা বছৰ তিনিটা পৰ্যায়ত ৰাজ্যসভাৰ ৭১ খন আসম খালী হ’ব।

অন্ধ্ৰপ্ৰদেশত বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদ আছে ৪ গৰাকী।ইয়াৰে তিনি জনৰ অহা বছৰ কাৰ্যকাল শেষ হ’ব।এইবাৰ অন্ধ্ৰপ্ৰদেশত বিজেপিয়ে খালী হ’বলগীয়া তিনি খন আসনৰ এখনো লাভ কৰাৰ আশা নাই।

একেদৰে ৰাজস্থানত অহা বছৰৰ জুলাই মাহত খালী হ’ব ৰাজ্যসভাৰ ৪ খন আসন।ইয়াৰে ৩ খনতে কংগ্ৰেছে জয়ী হোৱাৰ সম্ভাৱনা স্পষ্ট। ৰাজ্য সমূহত বিজেপিৰ আধিপত্য হ্ৰাস হোৱাৰ বাবেই এনে হোৱাৰ সম্ভাৱনা আছে।ছট্টিশগড়তো বিজেপিয়ে এইবাৰ ১ খন আসন হেৰুৱাব পাৰে।তামিলনাডুত বিজেপিৰ মিত্ৰ দল এআইএডিএমকে দলৰ দখলত থকা দুখন আসন খালী হ’ব।

তামিলনাডুত শেহতীয়াকৈ হোৱা ৰাজনৈতিক পট পৰিৱৰ্তনৰ বাবে এআইএডিএমকে দলে এখন আসনহে ধৰি ৰাখিবলৈ সক্ষম হ’ব পাৰে।

পঞ্জাৱতো ৰাজনৈতিক সমীকৰণ সলনি হোৱা বাবে বিজেপিৰ হাতৰ পৰা গুচি যাব পাৰে এখন আসন।

দেশৰ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ আধিপত্য কমি যোৱাৰ বাবেই ৰাজ্যসভাৰ আসনৰ ক্ষেত্ৰতো দলটোৱে মূল্য ভৰিব লাগিব সেয়া নিশ্চিত।