আমিনগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ

কামৰূপ (গ্রাম্য) জিলাৰ আমিনগাঁৱত আজি গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে উদ্যোগ, বাণিজ্য,পৰিবহন তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।

দেশৰ ৭০’সংখ্যক গণৰাজ্য দিবস উপলক্ষে আমিনগাঁৱত কামৰূপ (গ্ৰাম্য) জিলা প্ৰশাসনে আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে মন্ত্ৰী পাটোৱাৰীয়ে এই উপলক্ষে ভাষণ প্ৰদান কৰে।

মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

আনহাতে, অনুষ্ঠানত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা কুচকাৱাজ আৰু অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।

আমিনগাঁৱত গণৰাজ্য দিৱস উদযাপনৰ এটি দৃশ্য

পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী পাটোৱাৰীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনি সমুহৰ বিষয়ে আলোকপাত কৰে।

আমিনগাঁওৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বিপৰীত দিশত থকা নুমলীজালাহ পেৰেড গ্ৰাউণ্ডত জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত এনচিচি কেডেটসকলৰ পেৰেডৰ উপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ এক সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শিত হয়।

আনহাতে, আজি গণৰাজ্য দিৱস উপলক্ষে উত্তৰ-গুৱাহাটীৰ আমিনগাঁওত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ চিণ্ডিত বেটেলিয়নে সামৰিক অস্ত্ৰ-শস্ত্ৰৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ইয়াত উপস্থিত থকা শিশুকে ধৰি ব্যক্তিসকলে সামৰিক বাহিনীৰ ৰকেট লাঞ্চাৰ, মেচিনগানকে ধৰি বিভিন্ন অস্ত্ৰ-সমূহ লিৰিকি-বিদাৰি চোৱাৰ সুযোগ লাভ কৰে।