NORTHEAST NOW (Assamese)

অনুচ্ছেদ ৩৭০, ৩৭১ সম্পৰ্কত বিজেপিয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে : জয়ৰাম ৰমেশ

November 6, 2019 10:13 pm · এন ই নাও নিউজ
বুধবাৰে গুৱাহাটীত জয়ৰাম ৰমেশ আৰু আন কংগ্ৰেছ নেতাসকল। ফটো নৰ্থ-ইষ্ট নাও

অনুচ্ছেদ ৩৭০ আৰু ৩৭১ সম্পৰ্কে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰে, এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছী নেতা জয়ৰাম ৰমেশৰ।

আজি গুৱাহাটীত কংগ্ৰেছৰ এখন সভাত ভাগ লৈ ৰমেশে কয়, ‘ইতিহাসৰ বিকৃতকৰণত বিজেপিক কোনেও পিছ পেলাব নোৱাৰে। প্ৰধান মন্ত্ৰী গৰাকীয়ে কয় যে অনুচ্ছেদ ৩৭০ৰ প্ৰত্যাহাৰ চৰ্দাৰ পেটেললৈ এটা উপহাৰ হয়। কিন্তু চৰ্দাৰ পেটেল অনুচ্ছেদ ৩৭০ৰ আৰ্হি প্ৰস্তোত কৰোঁতা আছিল।‘

‘বিজেপিয়ে উত্তৰ-পূবত অনুচ্ছেদ ৩৭১ সম্পৰ্কেও জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। অনুচ্ছেদ ৩৭১ নাগালেণ্ড আৰু ছিকিম দৰে ৰাজ্যক সুৰক্ষা দিয়া কথাষাৰ এক মিথ্যাচাৰ‘ তেওঁ কয়।

ৰমেশে লগতে কয়, ‘যদি অনুচ্ছেদ ৩৭০ অস্থায়ী হয়, অনুচ্ছেদ ৩৭১-ও অস্থায়ী। অনুচ্ছেদ ৩৭১-এ উত্তৰ-পূবৰ জনসাধাৰণক সুৰক্ষা দিব বুলি কোৱাটো ভুল। বিজেপিয়ে জনসাধাৰণক ভুল ধাৰণা দিছে।‘

জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিয়ে লোৱা অৰ্থনৈতিক নীতিৰ বাবেও দলটোক ক্ষুৰধাৰ সমালোচনা কৰে।

কংগ্ৰেছ দলে বেংকসমূহৰ, নুমলীগড় শোধনাগাৰ আৰু ভাৰত পেট্ৰ’লিয়ামৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰে বুলি উল্লেখ কৰি তেওঁ কয়, ‘কংগ্ৰেছ চৰকাৰে যোৱা ৭০ বছৰত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল।‘

কংগ্ৰেছে বিজেপি চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ বিৰোধিতা কৰি যাব বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিমানেই দাবী নকৰক, বাস্তৱত কোনো বিনিয়োগ নাই, চাকৰি নাই তথা অৰ্থনীতি স্তব্ধ হৈ গৈছে।‘

Related News