কৃষি আইনৰ বিৰুদ্ধে লোৱা প্ৰস্তাৱক সমৰ্থন কেৰালাৰ একমাত্ৰ বিজেপি বিধায়কৰ

কেৰালাৰ চিপিআইএম নেতৃত্বাধীন চৰকাৰখনে কৃষি আইন কেইখনৰ বিৰুদ্ধে আজি বিধানসভাত গৃহীত কৰা প্ৰস্তাৱক ৰাজ্যখনৰ একমাত্ৰ বিজেপি বিধায়কজনেও সমৰ্থন আগবঢ়োৱাক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

বিজেপি বিধায়কজনে দলৰ বিৰুদ্ধে গ্ৰহণ কৰা অৱস্থানে এতিয়া চিন্তিত কৰি তুলিছে নেতৃত্বক।

অৱশ্যে দলে এই সন্দৰ্ভত বিধায়ক ও ৰাজগোপালৰ সৈতে কথা পাতিব বুলি জনাইছে।

কিন্তু এটা সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজগোপালৰ কাৰ্যত মুঠেও সন্তুষ্ট নহয় দলীয় নেতৃত্ব।

বিজেপিৰ প্ৰদেশ অধ্যক্ষ কে সুৰেন্দ্ৰনে সংবাদ মাধ্যমৰ আগত কয়, ‘মই ৰাজগোপালৰ সংবাদমেল দেখা নাই, তেওঁ কি কৈছে সেয়াও মই নাজানো। মই তেওঁৰ সৈতে কথা পাতিম আৰু আপোনালোকক জনাম’।

কৃষি আইনক লৈ বিজেপিৰ মাজত দুটা ভাগ হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সুৰেন্দ্ৰনে কয়, ‘আপুনি কি ক’ব খুজিছে? কৃষি আইনক লৈ কেৰালাৰ বিজেপি নেতাসকল দুভাগ নহয়’।

ইফালে বিজেপিৰ ৰাজ্যিক মহাসচিব এম টি ৰমেশে কয়, ‘ৰাজগোপাল এজন জ্যেষ্ঠ নেতা আৰু মই ভবা নাছিলো যে তেওঁ এই প্ৰস্তাৱৰ সমৰ্থন কৰিব। তেওঁ প্ৰথম অৱস্থাত কৃষি আইনৰ বিৰুদ্ধে আনিব খোজা প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছিল। তাৰ পিছত নাজানো কি হ’ল। মোক জানি ল’বলৈ দিয়ক তাৰ পিছত আপোনালোকক জনাম’।

বিজেপি বিধায়ক ৰাজগোপালৰ এই কাৰ্যই বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ জোকাৰণৰি সৃষ্টি কৰিছে আৰু তেওঁৰ বিৰুদ্ধে দলে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত ৰাজগোপাল ৰেইল, ৰক্ষা আৰু সংসদীয় পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী আছিল।

কেৰালা বিধানসভাত প্ৰৱেশ কৰা ৰাজগোপালে হৈছে প্ৰথমগৰাকী তথা একমাত্ৰ বিজেপি নেতা।