বিজেপি বিধায়ক ডাঃ নোমল মমিনক হত্যাৰ ভাবুকি; আমেৰিকাৰ পৰা কোৱা বুলি দাবী ভাবুকি দিওঁতাৰ

Numal-Momin

বিধায়ক নোমল মমিন। ফাইল ফটো।

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলটোৰ এজন বিধায়কে অচিনাক্ত ব্যক্তিৰ পৰা হত্যাৰ ভাবুকি পোৱাৰ খবৰে ৰাজনৈতিক মহলত মৃদু চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোকাজান সমষ্টিৰ এই বিধায়কজনৰ নাম ডাঃ নোমল মমিন।

বিধায়ক মমিনে আজি এই সন্দৰ্ভত দিচপুৰ আৰক্ষী থানাত এখন এজাহাৰ দিছে। এজাহাৰত উল্লেখ কৰা মতে, আমেৰিকাৰ পৰা কোৱা বুলি দাবী কৰা এজন ব্যক্তিয়ে তেওঁক এসপ্তাহৰ পিছত হত্যা কৰা হ’ব বুলি ভাবুকি দিয়ে। অগা-পিছাকৈ দুটা নম্বৰৰ পৰা কল কৰিছিল অচিনাক্ত ব্যক্তিজনে। প্ৰথম কলটো কৰিছিল পুৱা ৪.৪৫ বজাত আৰু দ্বিতীয়টো তাৰ পাঁচ মিনিটৰ পিছত। নম্বৰ দুটা আছিল ক্ৰমে ৪৪০১৫২৬ আৰু ১১২৭৬৯২।

মন কৰিব লগীয়া যে ভাবুকি দিয়া ব্যক্তিজনে “আপুনি অসমত বিজেপিৰ এজন ডাঙৰ লীডাৰ” বুলি মমিনক উল্লেখ কৰে। “we will take action against you after one week” এই বুলি ভাবুকি দিয়ে বিধায়কজনক।

ডাঃ নোমল মমিনে তেওঁৰ এজাহাৰৰ এটা প্ৰতিলিপি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যলৈও প্ৰেৰণ কৰে।