NORTHEAST NOW (Assamese)

এন আৰ চি সন্দৰ্ভত সংবাদমেল পাতিবলৈ গৈ মুখঠেকেচা খালে বিধায়ক শিলাদিত্যই

August 30, 2019 2:49 pm · এন ই নাও নিউজ
Updated: August 30, 2019 3:06 pm
বিধায়ক শিলাদিত্য দেব। ফাইল ফটো

যোৱা কিছু দিনৰ পৰা এন আৰ চিৰ বিৰুদ্ধে সৰৱ হৈ অহা হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেবে আজি এখন সংবাদমেলৰ আয়োজন কৰি মুখঠেকেচা খাব লগীয়া হয়।

জানিব পৰা মতে বিধায়ক গৰাকীয়ে কাইলৈ প্ৰকাশ পাব লগীয়া এন আৰ চি সংক্ৰান্ততে সংবাদমেল খনৰ আয়োজন কৰিছিল। কিন্তু ৰাজ্যিক বিজেপিয়ে এই কথা জানিব পাৰি তেওঁক সংবাদমেল আয়োজনত বাধা প্ৰদান কৰে।

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পূৰ্বে শাসকীয় দলৰ কোনো নেতাই যাতে উচটনি তথা বিভ্ৰান্তিকৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দলটোৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এনে সিদ্ধান্ত লয়।

উল্লেখ্য যে বিধায়ক গৰাকীয়ে সময়ে সময়ে এন আৰ চিক লৈ বিভিন্ন বিভ্ৰান্তিকৰ তথা উচটনিমূলক মন্তব্য প্ৰদান কৰি আহিছে।

ইতিমধ্যে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত ৰাজ্যত যাতে শান্তি-শৃংখলা অটুত থাকে তাৰ বাবে বিধায়ক শিলাদিত্য দেবক গৃহবন্দী কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছিল।

ইয়াৰ উপৰি বৃহস্পতিবাৰে মুছলিম ছাত্ৰ সন্থা, অসমৰ বিষয়ববীয়া সকলেও শিলাদিত্য দেবক গ্ৰেপ্তাৰৰ দাবী জনাইছিল।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলা নাই বুলি কোৱাৰ উপৰি ৯৬ শতাংশ বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত সোমোৱা বুলিও সংবাদ মাধ্যমত কেতবোৰ ভিত্তিহীন মন্তব্য কৰিছিল বিধায়ক গৰাকীয়ে।

Related News