শিলাদিত্যৰ বক্তব্যৰ বাবেই ঘটিছে ধলাৰ ঘটনা : অস্ত্ৰ পূজা কৰা সংগঠনকো তদন্তলৈ অনাৰ দাবী অসম সংগ্ৰামী মঞ্চৰ

সংগঠনটোৰ নিজা কাৰ্য্যালায়ত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল।

তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত নাৰকীয় হত্যাকাণ্ডৰ পাছত আৰক্ষীয়ে ইতিমধ্যে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত একপক্ষীয় বুলি আখ্যা দিছে অসম সংগ্ৰামী মঞ্চই। আজি সংগঠনটোৰ কাৰ্য্যালায়ত দিয়া এখন সংবাদমেলত এই দাবী কৰে মঞ্চই।

অসম সংগ্ৰামী মঞ্চৰ মতে তদন্তৰ আওতালৈ আহিব লগীয়া বহু ব্যক্তি আৰু সংগঠনৰ ক্ষেত্ৰত এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী তথা ৰাজ্যৰ গৃহ বিভাগে। শেহতীয়াভাৱে যি ঘটনা ঘটি গ’ল তেনে এক পৰিৱেশ সৃষ্টিৰ আঁৰত থকা ব্যক্তিসকলক এতিয়াও তদন্ত প্ৰক্ৰিয়ালৈ মাতিবলৈ সাহস কৰা নাই আৰক্ষীয়ে।

মন কৰিব লগীয়া যে এই পৰিস্থিতৰ বাবে মঞ্চই পোনপটীয়াকৈ আঙুলি টোঁৱাইছে বিজেপি বিধায়ক শিলাদিত্য দেবলৈ।

‘‘শিলাদিত্য দেবৰ উচটনিমূলক মন্তব্যৰ বাবেই এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পৰিৱেশ সৃষ্টি হৈছে। শিলাদিত্য দেবক বিতৰ্কিত মন্তব্য নকৰিবলৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দুবাৰকৈ সকীয়াইছিল বুলি সভাপতিজনে নিজে মন্তব্য কৰিছে। তথাপিতো বিজেপিয়ে তেওঁক নিয়ন্ত্ৰণ নকৰিলে।’’ -এই মন্তব্য অসম সংগ্ৰামী সঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাৰ।

তেওঁ লগতে কয় যে কেইবাটাও বাঙালী সংগঠনে গুৱাহাটীত সমাৱেশ পতাৰ নামত যি অশান্তিৰ সৃষ্টি হৈছিল তাৰ আঁৰতো বিধায়ক শিলাদিত্য দেবেই আছিল। তেওঁৰ লগতে সুকুমাৰ বিশ্বাসকে ধৰি কেইবাজনো বাঙালী সংগঠনৰ নেতাই এক বিশৃংখলতাৰ পৰিৱেশৰ সূচনা কৰিছিল বুলি তেওঁ মন্তব্য কৰে।

এই নেতাসকলৰ বিতৰ্কিত মন্তব্য আৰু তাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই কঠোৰ প্ৰত্যুত্তৰসূচক মন্তব্য কৰিবলৈ বাধ্য হৈছিল বুলিও তেওঁ কয়।

উল্লেখ্য যে, যোৱা ২৪ অক্টোবৰত মৃণাল হাজৰিকাই অসম সংগ্ৰামী মঞ্চই আহ্বান কৰা এক সভাতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিয়া বক্তৃতাত এটা বিতৰ্কিত মন্তব্য কৰিছিল, যাৰ বাবেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

‘‘এতিয়া ধলাৰ ঘটনাৰ পাছত মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰিছে। কিন্তু শিলাদিত্য দেবৰ লগতে বাঙালী সংগঠনকেইটাৰ নেতাসকলৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ স্থিতি দুৰ্বল। এয়া হয়তো বিজেপিৰ এক ৰাজনৈতিক এজেণ্ডা হ’ব পাৰে।’’ বেজবৰুৱাই কয়।

শিলাদিত্য দেবকে ধৰি এই নেতাসকলক তদন্তৰ আওতালৈ নিয়াৰ বিপৰীতে কেৱল মৃণাল হাজৰিকা আৰু জিতেন দত্তকে জেইল হাজোতত ৰাখিলে অসমৰ পৰিস্থিতি বেয়ালৈ যোৱাৰ সম্ভৱনা আছে আৰু তাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰেই দায়ী হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।

ইয়াৰ উপৰি তেওঁ অস্ত্ৰৰ লগত জড়িত সকলো সংগঠনকে তদন্তৰ আওতালৈ অনাৰ দাবী কৰে। এই ক্ষেত্ৰত তেওঁ আৰ এছ এছৰ নামো উল্লেখ কৰে।

‘‘অসমত অস্ত্ৰ পূজা কৰা সংগঠনো আছে। এই ঘটনাটো মাৰণাস্ত্ৰৰে হৈছে। গতিকে অস্ত্ৰৰ লগত সম্পৰ্ক থকা সংগঠনসমূহকো তদন্তৰ আওতাৰ ভিতৰলৈ আনিব লাগে।’’

অসম সংগ্ৰামী মঞ্চই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক একপক্ষীয় স্থিতি পৰিহাৰ কৰি ধলাত সংঘটিত এই নিৰ্মম হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবী জনায়।