অভিনেতা চনু চুডৰ পৰা সহায় বিচাৰিছে এজন বিজেপি বিধায়কে

মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা ৰেৱা সমষ্টিৰ বৰ্তমানৰ বিজেপিৰ বিধায়ক ৰাজেন্দ্ৰ শুক্লই বলিউদ অভিনেতা চনু চুডৰ পৰা বিচাৰিছে সহায়।

লকডাউনৰ বাবে মুম্বাইত আৱদ্ধ হৈ থকা বিধায়কগৰাকীৰ সমষ্টিৰ লোকসকলক ঘৰলৈ ওভটাই পঠিয়াবলৈ টুইটৰ জৰিয়তে অভিনেতা চনুক অনুৰোধ জনায়।

অভিনেতা গৰাকীৰ পৰা সহায় বিচাৰি কৰা টুইটৰ বাবে বিজেপিৰ বিধায়ক গৰাকী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিৰোধী কংগ্ৰেছেৰ।

কংগ্ৰেছে কয় যে বিজেপি শাসিত চৰকাৰখনৰ বিৰুদ্ধে বিধায়ক গৰাকীৰ অলপো আস্থা নাই কিজানি, সেয়ে তেওঁ এইদৰে অভিনেতা গৰাকীৰ পৰা সহায় বিচাৰিছে।

ইফালে বিধায়ক গৰাকীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই অভিনেতা চনু চুডে মুম্বাইত আৱদ্ধ ৰেৱা-চতনাৰ লোক সকলক ঘূৰাই পঠিয়াবৰ বাবে যথা সম্ভৱ সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

অভিনেতা চনুই বিধায়ক গৰাকীৰ টুইটৰ উত্তৰত কয় যে ‍মহাশয় যেতিয়াই মধ্য প্ৰদেশ আহিম তেতিয়া পোহা (মধ্য প্ৰদেশৰ এবিধ জনপ্ৰিয় খাদ্য) খুৱাই দিব।

উল্লেখ্য যে বিধায়ক গৰাকীয়ে সহায় বিচাৰি কৰা টুইটৰ উত্তৰত কংগ্ৰেছৰ অলকা লাম্বাই কয়, ‍‘আচৰিত,এগৰাকী প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ বিধায়ক তথা দেশ আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰী তেওঁলোকৰ দলৰ, মহাৰাষ্ট্ৰত তেওঁলোকৰ দলৰ সাংসদ-বিধায়ক থকাৰ পিছতো অভিনেতা চনুৰ পৰা সহায় বিচাৰিব লগীয়া হৈছে, এয়া লজ্জাজনক’।

তেওঁ লগতে বিধায়ক শুক্লৰ যদি অলপো লাজ আছে তেন্তে পদত্যাগ কৰি ঘৰত বহি থকাটোৱে ভাল হ’ব বুলি মন্তব্য কৰে।