অসমীয়া জাতিক বচোৱাৰ “গুৰু দায়িত্ব” লৈ বিধায়ক শিলাদিত্যই আন্দোলন কৰিব এন আৰ চিৰ বিৰুদ্ধে

"কিহৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ?" বিধায়ক শিলাদিত্যৰ প্ৰশ্ন

Siladitya 1

নিজৰ বিধায়ক আৱসত সংবাদমেল শিলাদিত্য দেবৰ। ২৩ আগষ্টত।

যোৱা কেইদিনমানত এন আৰ চিৰ বিৰুদ্ধে সৰৱ হৈ অহা হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেবে এই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে ‘মহা-আন্দোলন’ত নমাৰ হুংকাৰ দিছে।

অসমীয়া জাতিক ধ্বংসৰ পৰা বচোৱাৰ “গুৰু দায়িত্ব” প্ৰদৰ্শন কৰি বিধায়কজন কয়, “জাতিক ধ্বংস কৰা এন আৰ চি কেতিয়াও আঁকোৱালি ল’ব নোৱাৰো”।

এসপ্তাহৰ পিছতে প্ৰকাশ পাব লগীয়া এন আৰ চিৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দি বিধায়কজনে কয়, “নৱেম্বৰৰ পৰা এন আৰ চিক লৈ ‘মহা আন্দোলন হ’ব।”

ঘাইকৈ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক “আক্ৰমণৰ লক্ষ্য” কৰি লোৱা বিধায়কজনে আজি দিচপুৰস্থিত বিধায়ক আৱাসত সম্বোধন কৰা সংবাদমেলত “সৰ্বেসৰ্বা” আখ্যা দিয়ে হাজেলাক।

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলা নাই বুলি কোৱাৰো ধৃষ্টতা কৰে বিধায়কজনে।

“হাজেলা ডাঙৰীয়াই এটা কথাই কৈ থাকে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চিৰ কাম-কাজ চলি আছে। কিহৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ? কোনে ক’লে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি আছে? আজিলৈকে এন আৰ চিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কমিটী বনাই দিয়া নাই। উচ্চতম ন্যায়ালয় প্ৰতীক হাজেলাৰ ওপৰতে নিৰ্ভৰশীল হৈ গ’ল”, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তদাৰকীত অনাস্থা প্ৰকাশ কৰি এই মন্তব্য কৰে বিধায়ক শিলাদিত্যই।

বিধায়কজনে অসম আন্দোলনৰ “চহিদ” এজন ভাৰতীয়ৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বুলি অভিযোগ আনি কয়, “হাজেলাই এতিয়া নিৰীক্ষণ কৰি আছে নে ভাৰতীয় নাগৰিকক বিদেশী বনাই আছে নে কি প্ৰকাৰৰ দাদাগিৰি কৰি আছে সেইখিনিতো ন্যায়ালয়ে চোৱা নাই। কোনো ধৰণৰ নিৰীক্ষণত হোৱা নাই, বিনা নিৰীক্ষণত কাম চলি থকাৰ বাবে এন আৰ চিত ইমান খুঁত ওলাই আছে।”

“অজস্ৰ টকাৰ মালিক” আখ্যাৰে হাজেলাক কটাক্ষ কৰি কয়, “প্ৰতীক হাজেলা ডাঙৰীয়াক কৈ একো লাভ নাই। তেওঁ এতিয়া সৰ্বেসৰ্বা। হাজেলা এতিয়া অজস্ৰ টকাৰ মালিক। আই এ এছ চাকৰি এৰি দিলেও তেওঁৰ ক্ষতি নহয়।”

আছুকো তেওঁলোকৰ ভূমিকাৰ বাবে সমালোচনা কৰি কয়, “আছুৱে ৮৫৫জন চহিদৰ দোহাই দি থাকে, কিন্তু সেই সকলৰ মাজৰ এজন চহিদৰ নাম বিদেশী হিচাপে আহিছে। তেওঁৰ পৰিয়ালক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি জাননী জাৰি কৰিছে। মদন মল্লিক নামৰ ডালিমবাৰী, কাৰ্বি আংলঙৰ নিবাসী ৩৬৪ নম্বৰৰ চহিদজন ১৯৮৩ চনৰ নেলী কাণ্ডত চহিদ হৈছিল। সন্দেহযুক্ত বাংলাদেশী মুছলমানে তেওঁক হত্যা কৰিছিল।”

শিলাদিত্যই দাবী কৰা মতে প্ৰয়াত মল্লিকৰ ১৯৬৪ চনৰ মাটিৰ কাগজ পত্ৰৰ লগতে অন্য নথি-পত্ৰ আছে।

“অসম আন্দোলনৰ চহিদ বিদেশী হোৱাৰ কথাই প্ৰমাণ কৰিছে এন আৰ চি কৰ্তৃপক্ষই কৰি যোৱা কাম-কাজ ভুৱা।” বিধায়কজনে কয়। বিধায়কজনে অহা ৩১ আগষ্টৰ পাছত এনে হাজাৰটা খুঁত উলিয়াব বুলি জানিবলৈ দিয়ে।

তেওঁৰ মতে ৯৬ শতাংশ বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত সোমাই পৰিছে।