• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তোলপাৰ তেলেংগানা! মুছলমান প্ৰ’টেম অধ্যক্ষৰ পৰা নলয় শপত, বৰ্জন বিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2023 10:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ তেলেংগানা বিধানসভা নির্বাচনত জয়ী হোৱা বিজেপিৰ আঠজন বিধায়কে শনিবাৰে শপত ল’বলৈ অস্বীকাৰ কৰে৷ অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে বিধানসভাৰ কাম-কাজ চলাবলৈ এআইএমআইএমৰ নেতা আকবৰুদ্দিন ৱাইচিক প্ৰ’ টেম স্পীকাৰ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদত তেওঁলোকে শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰে।

বিজেপিৰ শপতগ্ৰহণ বৰ্জনৰ ঘটনাক “সংবিধানক অপমান” বুলি অভিহিত কৰি শাসকীয় কংগ্ৰেছ দল আৰু ভাৰত ৰাষ্ট্ৰ সমিতি দুয়োটা দলে এনে কাৰ্যৰ বাবে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

শনিবাৰে ৰাজভৱনত প্ৰ’টেম স্পীকাৰ হিচাপে আকবৰুদ্দিনক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল তামিলিছাই সুন্দৰাজনে। সদনৰ এজন জ্যেষ্ঠ বিধায়কক প্ৰ’টেম অধ্যক্ষ হ’বলৈ দিয়াটো ৰাজ্যত প্ৰট’কল। চন্দ্ৰায়নগুট্টা সমষ্টিৰ পৰা ৬ বাৰ জয়ী হৈ আকবৰুদ্দিন আটাইতকৈ জ্যেষ্ঠ বিধায়ক।

বিধানসভাৰ প্ৰথমটো নিৰ্বাচনৰ পিছৰ বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলক পদৰ শপত গ্ৰহণ কৰিবলৈ এজন প্ৰ’টেম অধ্যক্ষ নিযুক্তি দিয়া হয়। তেওঁ ভোটদান আৰু নতুন অধ্যক্ষ নিৰ্বাচনত সভাপতিত্ব কৰে। অহা ১৪ ডিচেম্বৰত অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তেলেংগানাৰ অধ্যক্ষ পদৰ বাবে গদ্দাম প্ৰসাদ কুমাৰক মনোনীত কৰিছে কংগ্ৰেছে।

লগতে পঢ়কঃ কাৰ্গিল যুদ্ধত সন্মতি নিদিয়াৰ বাবে কৰা হৈছিল ক্ষমতাচ্যুত; দাবী প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰীৰ

শেহতীয়াকৈ কংগ্ৰেছে তেলেংগানাত চৰকাৰ গঠন কৰিছে। চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেভান্থ ৰেড্ডীয়ে। ইফালে অল ইণ্ডিয়া মজলিছে ইত্তেহাদুল মুছলিমীন (এআইএমআইএম)ৰ নেতা আকবৰুদ্দিন ৱাইচিয়ে শেহতীয়াকৈ তেলেংগানা বিধানসভাৰ ‘প্ৰটেম অধ্যক্ষ’ হিচাপে শপত গ্ৰহণ কৰে।

তেলেংগানাৰ বিজেপি বিধায়কসকলে তেওঁক ‘প্ৰটেম অধ্যক্ষ’ হিচাপে ঘোষণা কৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ বিধায়ক টি ৰাজা সিঙে কয়, ‘হিন্দুক ভাবুকি আৰু গালি-গালাজ কৰা, হিন্দু বিৰোধী মন্তব্য কৰা ব্যক্তিৰ সন্মুখত শপত লোৱা হ’ব কিয়? অধ্যক্ষ নিৰ্বাচিত হ’লে আমি তেওঁৰ চেম্বাৰলৈ গৈ শপত গ্ৰহণ কৰিম।

শনিবাৰে হায়দৰাবাদৰ ৰাজভৱনত ৰাজ্যপাল তামিলিছাই সুন্দৰাজনৰ উপস্থিতিত তেলেংগানা বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে আকবৰুদ্দিন ৱাইচিয়ে। এই ঘটনাক লৈ বিজেপিয়ে ক্ষোভ প্ৰকাশ কৰে। তেলেংগানা ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বী তথা কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে শনিবাৰে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমৰ আকবৰুদ্দিন ৱাইচিক বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়াত তীব্ৰ আপত্তি প্ৰকাশ কৰি কয় যে এইটো জ্যেষ্ঠ বিধায়কসকলৰ অপমান কৰা হৈছে। তেওঁ কয়, ই পৰম্পৰাৰ বিৰুদ্ধে। ৰাজ্যপালৰ ওচৰতো এই বিষয়টো উত্থাপন কৰিব।

লগতে পঢ়কঃ ভয়ংকৰ ঘটনা, মহিলাৰ চকুৰ পৰা ওলাই আহিল ৬০টাকৈ জীৱন্ত পেলু! কেনেকৈ আহিল শৰীৰত?

সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ মুৰব্বীগৰাকীয়ে কয়, ‘আমি ৰাজ্যত ৮খন আসন লাভ কৰি ১৪ শতাংশ ভোট পাইছো। এজন জ্যেষ্ঠ নেতাক প্ৰ’টেম স্পীকাৰ হিচাপে নিযুক্তি দিয়াৰ পৰম্পৰা আছে। অৱশ্যে এআইএমআইএমৰ সৈতে হোৱা চুক্তিৰ বাবে কংগ্ৰেছে আকবৰুদ্দিন ৱাইচিক এই পদত নিযুক্তি দিছে। ইয়াৰ ওপৰত আমাৰ আপত্তি আছে। আমাৰ দাবী এই প্ৰটেম অধ্যক্ষৰ পৰা বিধানসভাৰ অধ্যক্ষ নিৰ্বাচন নকৰিব। ৰাজ্যপালকো আমি একেই কথা ক’ম।’

নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেৱন্থ ৰেড্ডীৰ উপস্থিতিত ৰাজ্যপাল তামিলিছাই সুন্দৰাজনে ৱাইচিক শপত বাক্য পাঠ কৰোৱায়। আন আন নৱনিৰ্বাচিত নেতাসকলেও প্ৰ’টেম স্পীকাৰ ৱাইচিৰ সন্মুখত ৰাজ্য বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অৱশ্যে বিধানসভাৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি নেতাসকলে এই অনুষ্ঠান বৰ্জন কৰে।

ভাৰত ৰাষ্ট্ৰ সমিতিৰ মুখপাত্ৰ ড০ ডি শ্ৰাৱনে কয় যে বিজেপিৰ বিধায়কসকলে সংবিধানক অপমান কৰি সংসদক অসন্মান কৰিছে। এম হামিদ আনছাৰী ৰাজ্যসভাৰ অধ্যক্ষ হৈ থকাৰ সময়ত বিজেপিৰ সাংসদসকলে শপত লোৱা নাছিল নেকি? তেওঁ সেই প্ৰশ্নও উত্থাপন কৰে।

লগতে পঢ়কঃ যদি আপুনি ধাৰাবাহিক বিফলতাৰ সন্মুখীন হৈছে তেন্তে চাণক্যৰ এই নীতি মানক, আহিব সফলতা

সংবিধান উলংঘা কৰি সদনলৈ ধৰ্মক টানি অনাৰ বাবে বিজেপি বিধায়কক সমালোচনা কৰে কংগ্ৰেছ নেতাসকলেও। দলটোৱে কয়, ‘অধ্যক্ষ বা প্ৰ’টেম স্পীকাৰ এটা সাংবিধানিক পদ। এইটো এআইএমআইএম দলক দিয়া হোৱা নাই, এজন জ্যেষ্ঠ বিধায়কক দিয়া হৈছে । ইয়াৰ বিৰোধিতা কৰি বিজেপিয়ে প্ৰমাণ কৰিছে যে তেওঁলোক গণতন্ত্ৰ আৰু সংবিধানৰ বিৰোধী।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd