নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি বিধায়কৰ

12-750x375

ফটো : নৰ্থ-ইষ্ট নাও

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশী লোকক সংস্থাপন দিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে এইবাৰ থিয় দিছে খোদ বিজেপিৰে বিধায়ক। মেঘালয়ৰ বিজেপি বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী এল হেক আৰু আন এগৰাকী বিধায়কে কোনো কাৰণতে বিধেয়কখন মানি নলও বুলি স্পষ্টকে উল্লেখ কৰা কাৰ্যই এতিয়া বিপাঙত পেলাইছে বিজেপিক।

এল হেকৰ উপৰি আন এগৰাকী বিজেপি বিধায়ক চানবৰ চুল্লাইয়েও বিধেয়কখন উত্তৰ-পূবৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰাৰ লগতে যদিহে মেঘালয় তথা উত্তৰ-পূবৰ পৰা এই বিধেয়কখন বাতিল কৰা নহয় তেন্তে দল ত্যাগ কৰাৰো হুংকাৰ দিয়ে চুল্লাইয়ে।

ইয়াৰ উপৰি বিধায়ক চুল্লাইয়ে বিধেয়কখন বাতিল কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক চিন্তা-চৰ্চা কৰিবলৈ এমাহৰ সময়সীমাও বান্ধি দিছে।

বিধায়ক চুল্লাইৰ কঠোৰ সিদ্ধান্তৰ উপৰি হেকে কয়, ‘এই সন্দৰ্ভত কোনো কঠোৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে প্ৰথমে মই দলীয় নেতা-কৰ্মীৰ লগত আলোচনা কৰিম’।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আয়োজন কৰা এক বিশাল সমদলত অংশ লৈ বিধায়ক চানবৰ চুল্লাইয়ে কয় যে যদি কেন্দ্ৰই এই ধ্বংসকাৰী বিধেয়কখন জাপি দিয়ে তেন্তে হেক আৰ মই বিজেপি ত্যাগ কৰিবলৈ সাজু আছো।

এই সন্দৰ্ভত হেকে কয় যে এটা কথা সঁচা যে আমি দুয়োজন বিধায়কে এই বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিলৈ স্মৰাকপত্ৰ প্ৰেৰণ কৰিছো। চুল্লাইয়ে কৰা মন্তব্য সন্দৰ্ভত হেকে পুনৰ কয়, ‘চুল্লাইৰ মন্তব্যক মই শলাগ লোৱাৰ লগতে আদৰণিও জনাইছো’।

মন কৰিব লগীয়া যে দল ত্যাগ কৰা কাৰ্যই এটা সমস্যাৰ সমাধান নকৰে বুলিও মন্তব্য কৰে হেকে। দল ত্যাগ কৰাৰ বিপৰীতে দলৰ ভিতৰত থাকিয়েই এনেদৰে বিৰোধিতা কৰি যোৱাটো বেছি লাভজনক হ’ব বুলিও তেওঁ কয়।

উল্লেখ্য যে মেঘালয়ত বিজেপি বিধায়কৰ লগতে ‘এম ডি এ’ চৰকাৰে ‘ধৰ্মৰ নামত অনা এই বিধেয়কখন’ বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে।