ভাৰ্ত্ৰুহৰি মাহতাব লোকসভাৰ প্ৰ’টেম অধ্যক্ষ নিৰ্বাচিত; সিদ্ধান্তত ক্ষুব্ধ কংগ্ৰেছ

ভাৰ্ত্ৰুহৰি মাহতাব।

চলিত মাহৰ ২৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লোকসভাৰ বিশেষ অধিৱেশন। সদন ৩ জুলাইলৈকে চলিব। ইয়াৰ পূৰ্বে এইবাৰ বিজেপিৰ টিকটত জয়ী হোৱা ওড়িশা বিজেডিৰ জ্যেষ্ঠ নেতা ভাৰ্ত্ৰুহৰি মাহতাবক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে।

প্ৰথম দিনাই লোকসভাৰ নৱ নিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ সমাপ্ত হোৱাৰ পিছতহে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ৰাষ্ট্ৰপতিৰ ভাষণ আৰু ইয়াৰ ওপৰত আলোচনা কৰা হ’ব। ২৭ তাৰিখৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ অধিৱেশন। একে সময়তে শেষ হ’ব। শপতগ্ৰহণৰ সময়ত লোকসভাত সভাপতিত্ব কৰিব প্ৰ’টেম স্পীকাৰে। এইখিনিয়েই দায়িত্ব অস্থায়ী অধ্যক্ষৰ।

বৃহস্পতিবাৰে বিজেপিৰ সাংসদ তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্স হেণ্ডেলত এই কথা জনায়। তেওঁ লিখিছে, “সংবিধানৰ ৯৫(১) অনুচ্ছেদ অনুসৰি ভাৰ্ত্ৰুহৰি মাহতাবক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰি ৰাষ্ট্ৰপতি আনন্দিত হৈছে।” অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে তেওঁ এই কৰ্তব্য পালন কৰিব।

তেওঁ লগতে কয় যে নৱগঠিত লোকসভাৰ সদস্যসকলৰ শপত গ্ৰহণৰ সময়ত প্ৰটেম অধ্যক্ষক সহায় কৰিব সাংসদ সুদীপ বেনাৰ্জী, সুৰেশ কোডিকুন্নিল, থালিকোট্টাই বালু, ৰাধামোহন সিং আৰু ফাগন সিং কুলাষ্টে। নতুন অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে তেওঁলোকে এই দায়িত্ব পালন কৰিব।

কিন্তু এই সিদ্ধান্তত কংগ্ৰেছ সুখী নহয়। তেওঁলোকে আশা কৰিছিল যে তেওঁলোকৰ দলৰ সাংসদ কে সুৰেশক এই দায়িত্ব দিয়া হ’ব।

 

কংগ্ৰেছে কিয় তেনেকৈ ভাবে? এই বিষয়ত স্থিতি স্পষ্ট কৰে কংগ্ৰেছৰ সাংসদ কে চি ভেনুগোপালে। এক্স হেণ্ডলত তেওঁ দাবী কৰে যে এইটো সংসদীয় নিয়ম উলংঘা কৰাৰ আন এক প্ৰচেষ্টা। ভাৰ্ত্ৰুহৰি সাতবাৰৰ সাংসদ। তেওঁক প্ৰ’টেম স্পীকাৰ হিচাপে নিযুক্তি দিয়া হ’ল। অষ্টমবাৰৰ বাবে সাংসদ পদত নিৰ্বাচিত হোৱা কে সুৰেশক কিয় নিৰ্বাচিত কৰা নহ’ল।