NORTHEAST NOW (Assamese)

“নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে অব্যাহত থাকিব যুঁজ”: নিজ দলৰ বিৰুদ্ধে পুনৰ ক্ষোভ উজাৰিলে বৰুণ গান্ধীয়ে

August 22, 2022 8:54 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এবাৰ ক্ষোভ উজাৰিছে দলটোৰে নেতা তথা সাংসদ বৰুণ গান্ধীয়ে। দেওবাৰে এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গান্ধীয়ে বিজেপি দল তথা চৰকাৰৰ নীতিক পুনৰ সমালোচনা কৰে।

দেশত ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতিৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব বুলি মন্তব্য কৰি বৰুণ গান্ধীয়ে বিজেপিৰ নীতিৰ স্পষ্ট ৰূপত বিৰুদ্ধাচাৰণ কৰে।

গান্ধীয়ে কয় যে তেওঁ এনে এখন ভাৰতৰ বাবে কাম কৰি আছে, য’ত শিশু তথা যুৱক-যুৱতীসকলে সন্মান লাভ কৰে আৰু য’ত কোনেও সহায়ৰ বাবে শিৰনত কৰিবলৈ বাধ্য নহয়।

“যেতিয়ালৈকে দেশত নিযুক্তি সম্পূৰ্ণ নহয় তথা আপোনালোকৰ সন্তানে চাকৰি নাপায়, তেতিয়ালৈকে মোৰ যুঁজ অব্যাহত থাকিব। আমি দুৰ্নীতিৰ বিৰুদ্ধেও আমাৰ যুঁজ অব্যাহত ৰাখিম।”- এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰুণ গান্ধীয়ে এইদৰে কয়।

“আমি আমাৰ পূৰ্বপুৰুষসকলৰ বলিদান ব্যৰ্থ হ’বলৈ নিদিওঁ। মৌলিক সমস্যা, অন্যায় আৰু দুৰ্নীতিৰ বিৰুদ্ধে জনসাধাৰণে মাত মতাৰ সময় আহি পৰিছে।”- গান্ধীয়ে লগতে কয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বৰুণ গান্ধীয়ে কেইবাবাৰো বিজেপি দলক মুকলিকৈ সমালোচনা কৰিছিল। বিশেষকৈ কেন্দ্ৰৰ তিনিখন কৃষি বিলৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছিল সাংসদগৰাকী।

এনে কাৰণতে যোৱা বৰ্ষৰ অক্টোবৰত তেওঁক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ পৰা বাদ দিয়া হৈছিল।

কিন্তু তাৰ পিছতো বিজেপি চৰকাৰৰ জনবিৰোধী নীতিক নিৰন্তৰ সমালোচনা কৰি আহিছে গান্ধীয়ে।

Related News