NORTHEAST NOW (Assamese)

বিজেপিৰ সাংসদৰ পাৰ্টিত মাংসৰ সলনি বিলালে মাংসৰ জোল : তুমুল মাৰপিট দলীয় কৰ্মীৰ মাজত

November 16, 2024 4:19 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 16, 2024 4:51 pm

মাংসৰ লোভে মাতি আনিলে সংঘৰ্ষ। এবাতি ছাগলী মাংসৰ বাবেই মাৰপিট লাগিল বিজেপি সাংসদে আয়োজন কৰা পাৰ্টিত।

বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ মির্জাপুৰত সংঘটিত হয় প্রচণ্ড মাৰপিট।

জানিব পৰা মতে, বিজেপিৰ সাংসদ বিনোদ বিন্দেই আয়োজন কৰিছিল এক ভোজভাতৰ। সেই ভোজলৈ নিমন্ত্ৰণ জনাইছিল দলৰ কৰ্মী সকলক। প্রায় আঢ়ৈশ লোক আহিছিল ভোজ খাবলৈ।

ভোজত সকলোৱে তৃপ্তিৰে খাই আছিল ছাগলীৰ মাংস আৰু ৰুটি। তেনেতে সাংসদগৰাকীৰ গাড়ী চালকৰ ভাতৃ সেই স্থানত উপস্থিত হয়। কিন্তু মাংসৰ নাটনি হোৱাৰ বাবে তেওঁক মাংসৰ সলনি মাংসৰ থাকি যোৱা জোলেৰে ৰুটী খাবলৈ দিয়া হয়। তাতেই আৰম্ভ হয় গণ্ডগোলৰ।

ইয়াকে লৈ আৰম্ভ হয় বাক্-বিতণ্ডা। সৃষ্টি হয় দুটা পক্ষৰ। এসময়ত এই বাক্-বিতণ্ডাই চৰম ৰূপ লয়।

ইফালে মাৰপিট লাগি থকাৰ সময়ত চেগ বুজি একাংশই বাটিত মাংস আৰু ৰুটী লৈ পলায়ন কৰে।

এই ঘটনাই এতিয়া উত্তৰ প্ৰদেশৰ ৰাজনীতিত সৃষ্টি কৰিছে আমোদৰ। একাংশই এই ঘটনাক আমোদ হিচাপে লোৱাৰ বিপৰীতে আন একাংশই বিজেপিক ককৰ্থনা কৰিছে।

Related News