নগাঁৱত ভাড়াঘৰ লৈ থকা প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনৰ পাছত ৰাইজে বিচাৰি নাপাব; মই ঘৰৰ ল’ৰা ঘৰতে থাকিম : ৰূপক শৰ্মা

Rupak Sharma

নগাঁৱত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মৰ নিৰ্বাচনী প্ৰচাৰ।

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ বৃহস্পতিবাৰে ৰাজ্যৰ পাচটাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হৈ থকাৰ সময়ত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই।

আজি দুপৰীয়া প্ৰাৰ্থীগৰাকীয়ে বিজেপি নেতা জিতু গোস্বামীৰ সৈতে বঢ়মপুৰ বিধানসভা সমষ্টিৰ পুৰণিগুদাম গড়মূৰ, চলচলি, হালোৱাগাঁও, পথাৰআগ চাৰিআলিকে ধৰি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। প্ৰতিদ্বন্দ্বি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈ সন্দৰ্ভত শৰ্মাই কয় যে  নগাঁৱত ভাড়াঘৰ লৈ থকা মাৰ্ঘেৰিটাৰ প্ৰদ্যুত বৰদলৈক নগঁঞা ৰাইজে সময়ত বিচাৰি নাপাব ৷ ৰূপক শৰ্মা ঘৰৰ ল’ৰা, ৰাইজে সকলো সময়তে পাই থাকিব৷

পুৰণিগুদাম চলচলিত ভালে সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শৰ্মাই নাগৰিকত্ব বিধেয়কে কাকো ক্ষতি নকৰে বুলি মন্তব্য কৰি বিধেয়ক সন্দৰ্ভত দলৰ লগতে তেওঁৰ স্থিতি অটল আছে বুলি কয়। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণৰ অহিতৰ বাবে কেতিয়াও কাম নকৰে সেয়েহে ভয়খবলগীয়া কোনোধৰণৰ কথা নাই বুলি তেওঁ মন্তব্য কৰে।

আনহাতে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে বঢ়মপুৰত অগপ-বিজেপিৰ মাজত কোনো সংঘাত নাই বুলি কোৱাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে পত্নী জয়শ্ৰী মহন্তইয়ো তেওঁৰ লগত সম্পৰ্ক ৰক্ষা কৰি খা-খবৰ লৈ আছে বুলি কয়।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত  কংগ্ৰেছক সমালোচনা কৰি শৰ্মাই ৰকিবুল হুছেইনে যিমানে প্ৰচাৰ কৰিব বিজেপিৰ সিমানে ভোট বাঢ়িব বুলি কয় ৷ ৰকিবুল হুছেইনে প্ৰচাৰ কৰিলে আমি প্ৰচাৰ নকৰিলেও হৈ যায় বুলিও ৰসিকতা কৰে প্ৰাৰ্থীগৰাকীয়ে।