NORTHEAST NOW (Assamese)

অসমত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ; আজি পুৱা ৮ বজাত দৰ্শন কৰিব কামাখ্যা মন্দিৰ

October 17, 2018 6:57 am · এন ই নাও নিউজ

আজি পুৱাতেই কামাখ্য মন্দিৰ দৰ্শন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। ঘাইকৈ মিজোৰামৰ নিৰ্বাচনী সভাক উদ্দেশ্য কৰি যোৱানিশা ১১ বজাত অসমত উপস্থিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।

বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাতি পোনেপোনে শ্বাহ খানাপাৰাস্থিত তাজ ভিভান্তাত উঠেহি। কাৰ্য্যসূচী অনুসৰি আজি ৮ বজাত তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিব। তাৰ পিছতে দিনটোৰ ভিতৰত অসমত আন কেইবাটাও কাৰ্য্যসূচীত ভাগ লৈ বুধবাৰে মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব।

উল্লেখযোগ্য যে অহা ২৮ নৱেম্বৰত মিজোৰামত ৮ম বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তাৰ বাবে ৰণনীতি প্ৰস্তুত আৰু নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য লৈ শ্বাহে ৰাজ্যখন ভ্ৰমণ কৰিব।

আনহাতে মিজোৰামলৈ যোৱাৰ পূৰ্বে অসমত দলীয় কাৰ্য্যকৰ্তাৰ সৈতে এখন বৈঠকত মিলিত হ’ব। বিশেষকৈ শেহতীয়াকৈ মিত্ৰদল অগপই পঞ্চায়ত নিৰ্বাচন অকলে খেলিব বুলি স্পষ্ট কৰি দিয়াৰ পাছত বিষয়টো দলটোৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই সন্দৰ্ভতে বৈঠকত আলোচনা হোৱাৰ কথা।

 

Related News