কলিয়াবৰত অগপ প্ৰাৰ্থী মণি মাধৱৰ হৈ প্ৰচাৰ চলালে অমিত শ্বাহে

কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ভাতৃ ‘মণি মাধৱ মহন্ত’ক বিজয় কৰোৱাৰ লক্ষ্যৰে আজি কলিয়াবৰৰ নাগশংকৰস্থীত ডা টি আউ ষ্টেডিয়ামত অগপ আৰু বিজেপিৰ মিত্ৰজোটে ‘বিজয় সংকল্প সমাৰোহৰ’ আয়োজন কৰে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, বিজেপি সভাপতি ৰঞ্জিত দাস, বিধয়িকা আঙুৰলতা ডেকা, মন্ত্ৰী কেশৱ মহন্ত , অতুল বৰাকে ধৰি কেইবাজনো অগপ-বিজেপিৰ নেতা উপস্থিত আছিল।

সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ‘আকৌ এবাৰ মোদী চৰকাৰ’ এই মূল মন্ত্ৰ লৈয়ে মিত্ৰজোটৰ প্ৰাৰ্থীসকলক বিজয় কৰি পুনৰ নৰেন্দ্ৰ মোদী চৰকাৰ গঢ়াৰ লক্ষ্যৰে নিৰ্বাচনৰ প্ৰচাৰ চলাই ভ্ৰষ্টাচাৰী কংগ্ৰেছ দলক আঁতৰোৱাৰ হুংকাৰ প্ৰদান কৰে।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰত দুবছৰৰ আগতে হোৱা বানপানীত ক্ষতিগ্ৰস্তক লোকসভা নিৰ্বাচনৰ পিছৰ ১০-১৫ দিনৰ ভিতৰতে সম্পূৰ্ণ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰে। নিৰ্বাচনৰ পিছতে ৰাইজৰ কাষত উপস্থিত হৈ বানপানীত ক্ষতিগ্ৰস্তক হিমন্তই নিজে ক্ষতিপূৰণ প্ৰদান কৰিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তাৰোপৰি মন্ত্ৰী হিমন্তই দেশ তথা ৰাজ্যৰ সুৰক্ষা তথা ৰাইজৰ উন্নতিৰ বাবে পুনৰ মোডী চৰকাৰক বিজয় কৰোৱাৰ বাবে কলিয়াবৰৰ সুসন্তান মণি মাধৱ মহন্তক ভোটি দি জয় কৰোৱাই কলিয়াবৰত কংগ্ৰেছ দলক পৰাক্ষূত কৰিবলৈ সকলোকে আহ্বান জনায়।

ইয়াৰোপৰি সৰ্বানন্দ সোণোৱালে পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ কাৰ্যকালৰ বিৱৰণিৰ লগত বিজেপিৰ আঢ়ৈ বছৰীয়া শাসনৰ বিৱৰণ দাঙি ধৰি ৰাইজক আকৌ এবাৰ মোদী চৰকাৰ গঢ়াৰ স্বাৰ্থত সকলোৱে ভোট দান প্ৰদান কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাওৰ এক সুকীয়া অনুসন্ধানত কলিয়াবৰৰ একাংশ সচেতন ৰাইজে মন্ত্ৰী হিমন্তৰ ভাষ্যক কটাক্ষ কৰি কয় যে, ‘বিগত আঢ়ৈ বছৰে হিমন্তই এদিনলে খবৰ ল’লেনে কলিয়াবৰৰ বানপীড়িত ৰাইজে কেনেদৰে দিন কটাইছে ?’ লগতে আজি আঢ়ৈতা বছৰে বান পীড়িত ৰাইজৰ প্ৰাপ্য দিব নোৱাৰা এই চৰকাৰখনে বা মন্ত্ৰী হিমন্তই লোকসভা নিৰ্বাচনৰ পাছতে দিবলৈ ওলোৱাটো যে এক ৰাজনৈতিক মুনাফা লাভৰ ভোট বেংক সেইটো প্ৰতিপন্ন হৈছে বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।