পহিলা বহাগৰ দিনাখন ডিঙিত অসমীয়া গামোচা লৈ ফেইচবুকত ফটো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ

JP Nadda

জে পি নড্ডা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায়ে অসমীয়া গামোচা ডিঙিত আৰি লৈ অসমীয়া গামোচাখনক সন্মান প্ৰদৰ্শন কৰি অহাৰ সময়ত আজি পহিলা বহাগৰ দিনাখন অসমীয়া গামোছা ডিঙিত লৈ গামোচাক সন্মান দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডায়।

অসমীয়া গামোচাখনেৰে নিজৰ নাক আৰু মুখ ঢাকি ফেইচবুকত নিজৰ নতুন প্ৰফাইল ফটো আপলোড কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে।

জে পি নড্ডাই অসমীয়া জাপিৰ বুটা বচা গামোচাখন পৰিধান কৰি ফেইচবুকত আপলোড কৰা ফটোখনে আপলোডৰ মাত্ৰ এঘণ্টাৰ ভিতৰতে ১৮ হাজাৰতকৈ অধিক লাইক আৰু কমেণ্ট লাভ কৰিবলৈ সক্ষম হয়।

অসমৰ বিজেপিৰ কৰ্মকৰ্তা সকলেও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ ফটোখনত কমেণ্ট কৰি বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ বহু শীৰ্ষ স্থানীয় নেতাই প্ৰায়ে অসমীয়া গামোচা পৰিধান কৰি ৰাষ্ট্ৰীয় স্তৰত অসমীয়া গামোচাখনক জনপ্ৰিয় কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰে ফেইচবুক আৰু টুইটাৰত বহু লাখ ফলোৱাৰ আছে আৰু মোদীয়ে ডিঙিত গামোচাখন লোৱাৰ লগে লগে সেই সকল ফলোৱাৰে অসমীয়া গামোচাখনৰ সৈতে মোদীৰ জৰিয়তে চিনাকী হয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এইবাৰ অসমত ৰঙালী বিহুৰ অনুষ্ঠান সমূহ বাতিল কৰা হয়।