১১ বজালৈ হোৱা ভোটগণনাত অসমৰ কোনকেইটা সমষ্টিত বিজেপি, কংগ্ৰেছৰ কোন প্ৰাৰ্থীয়ে কিমান ভোটত আগবাঢ়ি আছে?

বৰ্তমানলৈ হৈ যোৱা ভোট গণনা অনুসৰি অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভোট গণনাৰ ভিতৰত ৯ টা সমষ্টিত বিজেপি, ২  টা সমষ্টিত অগপ আৰু ২ টা সমষ্টিত এ আই য়ু ডি এফ আৰু ১ টা সমষ্টিত অন্যান্য দলৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে। (১১ বজালৈ হোৱা ভোট গণনা অনুসৰি)

বৰ্তমানলৈ অসমত কংগ্ৰেছৰ অগ্ৰগতি শূন্য

স্বায়ত্ত শাসিত পৰিষদ লোকসভা সমষ্টিঃ বিজেপিৰ হৰেণ সিং বে কংগ্ৰেছৰ বিৰেণ সিং ইংতিতকৈ ১২৬৮২ টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

বৰপেটা লোকসভা সমষ্টিঃ বৰপেটাত মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস কংগ্ৰেছৰ আব্দুল খালেকতকৈ ৩৪,৭২৭ টা ভোটত আগবাঢ়ি আছে।

ধুবুৰী লোকসভা সমষ্টিঃ এ আই য়ু ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীতকৈ ২৭,৬৪৭ টা ভোটত আগবাঢ়ি আছে।

ডিব্রুগড় লোকসভ সমষ্টিঃ ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ ৰামেশ্বৰ তেলী কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰতকৈ ৭৫,৫৩৭ টা আগবাঢ়ি আছে।

গুৱাহাটী লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী কুইন ওজাই কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাতকৈ ৮,৪৪৪ টা ভোটত আগবাঢ়ি আছে।

যোৰহাটত লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইতকৈ ৮,৫৬১ টা ভোটত আগবাঢ়ি আছে।

কলিয়াবৰ লোকসভা সমষ্টিঃ অগপ প্ৰাৰ্থী মনি মাধৱ মহন্ত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈতকৈ ১৩,০২৫ টা ভোটত আগবাঢ়ি আছে।

কৰিমগঞ্জ লোকসভ সমষ্টিঃ এ আই য়ু ডি এফৰ প্ৰাৰ্থী ৰাধেশ্বাম বিশ্বাস বিজেপিৰ কৃপানাথ মাল্লাতকৈ ১৫,৩০০ টা ভোটত আগবাঢ়ি আছে।

কোকৰাঝাৰ লোকসভা সমষ্টিঃ য়ু পি পি এলৰ প্ৰাৰ্থী ঔৰ্খা গৌৰাং ব্ৰহ্ম বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্মতকৈ ২৫০ টা ভোটত আগবাঢ়ি আছে।

লক্ষীমপুৰ লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰদান বৰুৱা কংগ্ৰেছৰ অনিল বৰগোহাঁইতকৈ ৯৬,৮৭১ টা ভোটত আগবাঢ়ি আছে।

মঙলদৈ লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতাতকৈ ৭,২০৪ টা ভোটত আগবাঢ়ি আছে।

নগাঁও লোকসভ সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈতকৈ ২০,২২৬ টা ভোটত আগবাঢ়ি আছে।

শিলচৰত লোকসভ সমষ্টিঃ বিজেপিৰ ৰাজদ্বীপ ৰয় কংগ্ৰেছ প্ৰাথী সুস্মিতা দেৱ বৰ্মনতকৈ ৮,২০২ টা ভোটত আগবাঢ়ি আছে।

তেজপুৰ লোকসভা সমষ্টিঃ তেজপুৰত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস কংগ্ৰেছৰ এম জি ভি কে ভানুতকৈ ১০,৬১৯ টা ভোটত আগবাঢ়ি আছে।