বিজেপিয়ে ঘোষণা কৰা ৭০জনীয়া তালিকাত মাত্ৰ ৪গৰাকী মহিলা, এগৰাকী মুছলমান প্ৰাৰ্থী

a-bjp-750x375

শুকুৰবাৰে সন্ধিয়া আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৭০খন আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।

উক্ত ৭০জনীয়া তালিকাত মাত্ৰ ৪গৰাকী মহিলা আৰু এগৰাকী মুছলমান প্ৰাৰ্থীয়ে স্থান লাভ কৰিছে।

বিজেপিৰ প্ৰাৰ্থী তালিকাত স্থান লাভ কৰা মহিলা প্ৰাৰ্থী চাৰিগৰাকী হৈছে বটদ্ৰবাত আঙুৰলতা ডেকা, গোলাঘাটত অজন্তা নেওগ, শিৱসাগৰত সুৰভি ৰাজকোঁৱৰ আৰু হাফলঙত নন্দিতা গাৰ্লোচা।

সেইদৰে এই তালিকাত স্থান লাভ কৰা একমাত্ৰ মুছলমান প্ৰাৰ্থী গৰাকী হৈছে ৰূপহীহাট সমষ্টিৰ নাজিৰ হুছেইন।

বিজেপিয়ে মহিলা সবলীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি অহা বুলি গাই বাই থাকিলেও ৰাজনীতিত যে মহিলাসকলক আগবঢ়াই অনাত দলটোৰ কোনো আগ্ৰহ নাই সেইকথা স্পষ্ট হৈ পৰিছে।

আনহাতে, সংসদত মহিলাৰ বাবে ৩৩শতাংশ সংৰক্ষণৰ ক্ষেত্ৰত এসময়ত সৰৱ হৈ পৰা দলটোৱে নিজৰ ক্ষেত্ৰত এনেদৰে মহিলাক অৱহেলা কৰাটোৱে বিজেপিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

সেইদৰে, অসমত মুছলমানসকলৰ বাবে যথেষ্ট চিন্তা কৰা বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সততে দাবী কৰি অহাৰ পাছতো এই তালিকাত মাত্ৰ এগৰাকী মুছলমান প্ৰাৰ্থীয়েহে স্থান পোৱাটো তাৎপৰ্যপূৰ্ণ।