উদ্দেশ্য বিধেয়ক নহয়, ৰাজনৈতিক সংস্থাপনৰ বাবেহে ৰাহুল গান্ধীক সাক্ষাৎ আছু নেতৃত্বৰ : বিজেপি

Sammujjal meet Rahul Gandhi

‘ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ উদ্দেশ্য নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহয়, তেওঁলোকে ৰাজনৈতিকভাৱে সংস্থাপন বিচাৰিছে’। ৪ জানুৱাৰি অৰ্থাৎ সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ’ৰ নেতৃবৃন্দই কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি নৰ্থ-ইষ্ট নাওৰ আগত এই বিস্ফোৰক মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।

কিছুদিন আগলৈকে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আছুৰ আন্দোলন কৰাৰ নৈতিক অধিকাৰ আছে বুলি দাবী কৰি অহা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীৰ এইবাৰ পোনপটীয়া আক্ৰমণৰ লক্ষ্য হৈ পৰিল আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যকে ধৰি আছুৰ অন্য নেতৃবৃন্দ।

আনহাতে, বিধেয়কৰ পক্ষত নানা যুক্তি আগবঢ়াই অহা বিজেপিৰ সুযোগ সন্ধানী মুখপাত্ৰজনে আছুক উদ্দেশ্যি পুনৰ কয়, ‘বিজেপিত আসনৰ অভাৱ, কংগ্ৰেছত বহু চকী খালী আছে, সেয়েহে তেওঁলোকে সেই আসন উলিওৱাৰ সুযোগ গ্ৰহণ কৰিছে’।

ইপিনে, ‘আছুৱে ৰাহুল গান্ধীক লগ কৰিবলৈ তেওঁ কোন হয়?’ বুলি আছু নেতৃত্বক প্ৰশ্ন কৰি কয়, ‘তেওঁলোকে লগ কৰিব লাগিছিল লোকসভাৰ বিৰোধী পক্ষৰ মল্লিকাৰ্জুন খাৰ্গেক, লগতে ৰাজ্যসভাৰ বিৰোধী পক্ষক লগ কৰিব লাগিছিল।‘

তদুপৰি, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যক কেন্দ্ৰ কৰি এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্য কৰা আৱালে কংগ্ৰেছৰ ওচৰত ভট্টাচাৰ্য্যই নিজকে আত্ম সমৰ্পন কৰা বুলিও দাবী উত্থাপন কৰে।

‘বংগীয় মূলৰ সমৰ্থনত থকা কংগ্ৰেছ দলৰ ওচৰত সমুজ্জ্বল ভট্টাচাৰ্য্যই আত্মসমৰ্পন কৰিলে। ৰাহুল গান্ধীৰ সৈতে হাত মিলোৱা ফটোখনৰ হাতখন ৰাহুল গান্ধীৰ নহয়, এইখন বংগীয় মুছলমানৰ হাত’। এইদৰে কয় আৱালে।

ইপিনে, সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা বজ্ৰ নিনাদত আমছু আৰু জমিয়তৰ লোকসকলৰ আৱিৰ্ভাব দেখিছিল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষজনে।  ‘অসম চুক্তিয়ে ভাৰতত নাগৰিকত্ব দিয়া মিঞা-মুছলমানখিনিকে আছুৱে অসমীয়া জাতি বুলি ভাবিছে নেকি?’ আৱালে কয়।

আনহাতে, আছুৰ উপদেষ্টাগৰাকীক অসম আন্দোলনৰ পটভূমিৰ কথাও সোঁৱৰাই দিয়ে আৱালে।

‘অসম আন্দোলনৰ মূল উদ্দেশ্য আছিল এইটোৱেই যে পূৰ্ববংগীয় মূলৰ মুছলমানৰ আগ্ৰাসনৰ পৰা অসমক মুক্ত কৰা। এই শক্তিসমূহৰ লগত একত্ৰিত হৈ আছুৱে অসম আন্দোলনৰ প্ৰাসংগিকতাটোৱেই নষ্ট কৰি পেলালে।‘ আছুক সমালোচনা কৰি আৱালে এইদৰে কয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, অসম চুক্তি স্বাক্ষৰিত হৈছিল সদৌ অসম ছাত্ৰ সন্থা আৰু সেই সময়ৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মাজত। তেনে পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি ৰাজ্যসভাত বিধেয়কখন বিৰোধিতা কৰিবলৈ অনুৰোধ জনোৱাটো নীতিবিৰুদ্ধ নহয় বুলি একাংশ সচেতন লোকে মন্তব্য কৰে।

আনহাতে, অসম চুক্তিখন উলংঘা কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন যিকোনো পৰিস্থিতিতে গৃহীত কৰিবলৈ আকোৰগোজ ভূমিকা লোৱা বিজেপিৰ এতিয়া ৭০ সংগঠন, বুদ্ধিজীৱিৰ পাছতেই আক্ৰমণৰ লক্ষ্য হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা।