NORTHEAST NOW (Assamese)

ছত্ৰভংগ! বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে, ক’ত?

March 18, 2021 4:37 pm · এন ই নাও নিউজ
Updated: March 18, 2021 6:04 pm

পশ্চিমবংগৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে কয় যে তেওঁ ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰে।

তাৰ বিপৰীতে তেওঁ ৰাজ্যজুৰি দলীয় কেম্পেইনত ব্যস্ত থাকিব।

”ৰাজ্যিক সভাপতি হিচাপে, দলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যখনৰ নিৰ্বাচনী কেম্পেইন মোৰ তদাৰকীত চলোৱা হ’ব।”- কলকাতাত ঘোষে এইদৰে কয়।

দেওবাৰে, বিজেপিয়ে বংগৰ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ৬৩জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।

তাৰ পূৰ্বে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫৮ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।

২৯৪টা সমষ্টিৰে গঠিত পশ্চিম বংগ বিধানসভা নিৰ্বাচন আঠটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

ইয়াৰে ৬৮টা সমষ্টি অনুসূচিত জাতি আৰু ১৬টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছে।

২৭ মাৰ্চৰ পৰা হ’বলগা ভোটদানৰ অন্ত পৰিব ২৭ এপ্ৰিলত।

আনহাতে ফলাফল ঘোষণা কৰা হ’ব ৩০ মে’ত।

Related News