ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

‘টেনশ্যন লেনে কা নেহি টেনশ্যন দেনে কা হে; মোৰ ঠাইত গছৰ মুঢ়া থিয় কৰালেও বিজেপি জিকিব’

কালি কংগ্ৰেছ-AIUDF-CPI-CPI(M)-আঞ্চলিক গণ মৰ্চাৰ মহাজোঁট ঘোষণা কৰাৰ পাছতো ডেমকেয়াৰ হৈ আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

কোনোধৰণৰ প্ৰত্যাহ্বান নোহোৱাকৈ তথা টেনশ্যন নোলোৱাকৈ ৰঞ্জিত দাসে ২০২১ লৈ এক প্ৰকাৰ ৰণডংকা বজালে হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনৰ পৰা।

বুধবাৰে এক যোগদান অনুষ্ঠানৰ পাছত সাংবাদিকৰে মত বিনিময় কৰি ৰঞ্জিত দাসৰ সদম্ভ ঘোষণা ‘আমাৰ শ্ল’গান টেনশ্যন লেনে কা নেহি টেনশ্যন দেনে কা হে।‘

তেওঁ লগতে কয় ‘কংগ্ৰেছ-AIUDF-CPI-CPI(M)-CPI(ML) সকলোৱে মহাজোঁট নকৰক কিয় ভাৰতীয় জনতা পাৰ্টীৰ কোনোধৰণৰ ক্ষতি নহয়।‘

তদুপৰি, এনেধৰণৰ মহাজোঁট পূৰ্বতেও দেখা বুলি দাবী কৰি দাসে লগতে কয় ‘তৃতীয় চতুৰ্থ মৰ্চা পূৰ্বতেও দেখিছো । তাৰ পাছতো NDA ক ৰাইজে আশীৰ্বাদ দি আহিছে।‘

ইপিনে, বিজেপি+=১০০+ টো এতিয়া A+A =100+ বুলি উল্লেখ কৰি দাসে লগতে কয় ‘কিয়নো A মানে Achievement of Government আৰু আনটো A মানে Activities of Government ।‘

তদুপৰি, পূৰ্বৰ চৰকাৰে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰৰ দিনত সম্পন্ন হৈছে বুলি দাবী কৰি দাসে লগতে কয় ‘জাতি-মাটি-ভেটি সুৰক্ষিত কৰা, সত্ৰৰ মাটি বেদখল কৰাই হওঁক, গড় হত্যা প্ৰতিৰোধ, ফেন্সিঙ সম্পূৰ্ণ কৰি বিদেশী অনুপ্ৰবেশ ৰোধ কৰা, আন্তঃগাঁথনিৰ উন্নয়নেই হওঁক। এইবোৰ উন্নয়ন ৰাইজে দেখা পাইছে।‘

এনেধৰণৰ চৰকাৰৰ উন্নয়নৰ সন্মুখত কোনো ৰাজনৈতিক দলেই অৱতীৰ্ণ নহওঁক কিয় বিজেপিৰ কোনোধৰণৰ ক্ষতি নহয় বুলিও দাবী কৰে দাসে।

ইপিনে, পঞ্চায়ত-লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছকে ধৰি মহাজোঁটৰ ফলাফল তুলনা কৰি চৰম ইতিকিং কৰা পৰিলক্ষিত হয়।

তেওঁ তথ্য দাঙি ধৰি কয় ‘CPI(M) য়ে পঞ্চায়ত নিৰ্বাচনত ২১,৯৭০ টা ৱাৰ্ডৰ ভিতৰত কেৱল ৩৩ গৰাকী ৱাৰ্ড মেম্বাৰহে লাভ কৰিছিল। ঠিক সেইদৰে CPI ৰ মাত্ৰ তিনিটা ৱাৰ্ডহে লাভ কৰিছে।বিজেপিয়ে কিন্তু ৯০৯৪ টা ৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। অসম গণ পৰিষদৰ ১৬৮৯ টা ৱাৰ্ড আছে। তেন্তে তেনে  দলৰ সৈতে মিত্ৰতাৰ ফলত বিজেপিৰ কি ক্ষতি হ’ব?’

ঠিক সেইদৰে কংগ্ৰেছ-এআইয়ুডিএফে মঙ্গলদৈত একত্ৰিত হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পাছতো বিজেপিয়ে ডেৰ লক্ষাধিক ভোটত জয় লাভ কৰিছিল বুলি দাবী কৰি দাসে লগতে কয় ‘শিলচৰতো AIUDF এ প্ৰাৰ্থী নিদিয়াৰ পাছতো ৮৩ হাজাৰতকৈ অধিক ভোটত বিজেপি প্ৰাৰ্থী জয়ী হৈছিল।‘

ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সৰভোগ সমষ্টিত ৰঞ্জিত দাসৰ ভেটি থৰক বৰক হোৱা বুলি দাবী কৰি অহাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দাসে।

তেওঁ কয় ‘প্ৰথমবাৰলৈ সৰভোগ সমষ্টিত বিজেপিৰ কাৰ্য্যকৰ্তাসকলে ভাৰতৰ ভিতৰত কমিউনিষ্ট পাৰ্টীক পৰাজিত কৰিছে। মোক বাদ কৰি বিজেপিৰ পৰা গছৰ মুঢ়া এটা থিয় কৰালেও সৰভোগ সমষ্টিৰ পৰা জয়ী হৈ আহিব।‘

দাসৰ মতে ‘কংগ্ৰেছ AIUDF কমিউনিষ্ট পাৰ্টী একেলগ হ’লেও সৰভোগত প্ৰত্যাহ্বান নাহে।‘

ইপিনে, ‘সংখ্যালঘুসকলক কংগ্ৰেছ-AIUDF ৰ দাস বুলি নাভাবিব।‘ বুলি উল্লেখ কৰি দাসে লগতে কয় ‘তেওঁলোকেও বিবেক ভোট দিয়ে। আমি সকলোৰে লগত আছো আৰু সকলোৰে লগত থাকিম।‘